কলেষ্টৰেল বঢ়াৰ আচল কাৰণ জানিলে চমকি উঠিব

0
99

ভোৰতবৰ্ষৰ মানুহৰ হাৰ্টৰ সমস্যাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ বৰ্তমান প্ৰায় সত্তৰ শতাংশ লোকেই হাৰ্টৰ বেমাৰত আক্ৰান্ত হৈছে৷ হাৰ্টৰ ৰোগত ভোগা এই হাৰ বাঢ়িহে আছে৷ ইয়াৰ কাৰণ ভাৰতীয়সকলৰ মাজত দ্ৰুতভাৱে বৃদ্ধি পাইছে কলেষ্টৰেলৰ প্ৰৱণতা৷ হাৰ্ট সম্বন্ধীয় এক জাৰ্নালত প্ৰকাশিত ৰিপ’ৰ্টৰ পৰা জনা গৈছে যে ভাৰতৰ যুৱ প্ৰজন্মৰ মাজৰ ১৫ শতাংশই হাই কলেষ্টৰেলৰ চিকাৰ হৈছে৷ যি হাৰ সমগ্ৰ বিশ্বৰ ভিতৰতে ৫ ৰপৰা ১০ শতাংশতকৈও বেছি৷ এই ৰিপ’ৰ্টৰ পৰাই জানিব পৰা গৈছে যে হাই কলেষ্টৰেলৰ সমস্যা ভাৰতীয়ৰ মাজত বৃদ্ধি প্ৰধান কাৰণ হ’ল জিনীয় বা জিনগত৷ পাৰিবাৰিক হাইপাৰকলেষ্টলেমিয়াৰ ফলত বয়স বৃদ্ধিৰ সৈতে শৰীৰত ভয়ংকৰভাৱে কলেষ্টৰেলৰ সমস্যাই গা কৰি উঠিছে৷ এক ৰিপ’ৰ্টত কোৱা হৈছে যে ভাৰতীয়সকলৰ হাৰ্টৰ সমস্যা আন দেশৰ তুলনাত আগুৱালে, যদি আন দেশবোৰৰ কলেষ্টৰেল সমস্যা হ’ব পাৰে ৬২ বছৰ, এই ক্ষেত্ৰত ভাৰতীয়সকলৰ ক্ষেত্ৰত হ’ব ৫২ বছৰ৷ জিনগত বিভিন্ন সমস্যাৰ কাৰণে কম বয়সতে হাৰ্টৰ ৰোগ হ’ব পাৰে৷ আনহাতে ভাৰতীয়সকলৰ মাজত লিপোপ্ৰ’টিনৰ মাত্ৰা বেছি৷ গোটেই বিশ্বত যাৰ মাত্ৰা ২০ শতাংশৰো কম, তেনে ক্ষেত্ৰত অকল ভাৰতত এই হাৰ ২৫ শতাংশৰো বেছি৷ লিপপ্ৰ’টিনৰ বেছি মাত্ৰাত দেখা দিলে হাইপাৰ ক্ল’ষ্টৰোলোমিয়া জেনেটিক স্তৰৰ উদাহৰণ৷ ভাৰতৰ গোৱা আৰু কেৰালাত এই মাত্ৰা সকলোতকৈ বেছি৷ ভাৰতীয়সকলক লৈ সম্প্ৰতি লিপিড প্ৰফাইলক লৈ এটা ৰিপ’ৰ্ট প্ৰকাশিত হৈছে৷ এই পৰীক্ষাত দেখা গৈছে যে ৮১ শতাংশ ভাৰতীয়ৰ লিপিড প্ৰফাইল অত্যন্ত বেয়া৷ ভাৰতৰ ৮৭ শতাংশ মানুহৰে লো এইচডিএল, অৰ্থাৎ ভাল কলেষ্টৰেল আছে৷ ইয়াৰ ফলত হাই ট্ৰাইগ্লেচিৰাইডছ সংক্ৰান্ত বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ পৰাই পৰিষ্কাৰ হ’ল যে জিনগত কাৰণৰ বাবেই ভাৰতীয়সকলৰ লিপিড প্ৰফাইল বেয়া হ’ব পাৰে, যিয়ে হাৰ্টৰ ৰোগৰ কাৰণ হিচাপে দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here