দেৰিকৈ শোৱা মানুহ বেছি বুদ্ধিমান : কি ক’লে গৱেষণাই

0
198

আৰ্লি টু বেড, আৰ্লি টু ৰাইজ, মেকছ এ মেন, হেলডি, ৱেলডি এণ্ড ৱাইড– এই কবিতাফাকি সকলোৱে পঢ়িছে আৰু ইয়াৰ গূঢ়াৰ্থ সকলোৱে বুলি পায়৷ ৰাতিপুৱাই সোনকালে বিছনাৰ পৰা উঠি পঢ়াৰ টেবুলত বহাৰ পৰামৰ্শ দিয়ে সকলো অভিভাৱকে ৷ যাতে ল’ৰা-ছোৱালীৰ সৰু কালৰে পৰা এই অভ্যাস গঢ় লৈ উঠি সুস্থ শৰীৰৰ গৰাকী হোৱাৰ লগতে নিজৰ পঢ়া-শুনাও আগবঢ়াই নিব পাৰে ৷ কিন্তু সাম্প্ৰতিক এক গৱেষণাই কৈছে যে আৰ্লি ৰাইজাৰাৰ নহয়, বৰং ৰাতি বেছি দেৰিলৈ সাৰে থকাসকলহে বেছি বুদ্ধিমান হয় ৷ নিউয়ৰ্ক প’ষ্টৰ এক প্ৰতিবেদনত কোৱা হৈছে কগনিটিভ টেষ্টৰ ফল ৰাতি সাৰে থকাসকলৰ আগুৱাই ৰখাত সাফল্য লভিছে ৷ ইম্পেৰিয়েল কলেজ লণ্ডনৰ গৱেষকসকলৰ এটা দলে ইউকে বায়োবেংকৰ ডাটা ব্যৱহাৰ কৰিছিল৷ এই সমীক্ষাটো ৪ হাজাৰ মানুহক লৈ চলোৱা হৈছিল৷এই লোকসকলে কিমান সময় শোৱে, কেতিয়া টোপনি যায়, কিমান সময় ভাল টোপনি আহে এই সকলো দিশৰ ওপৰত চকু ৰখা হৈছিল৷ সমীক্ষাটোত অংশগ্ৰহণকাৰী লক্ষ্য কৰা হৈছিল যে তেওঁলোকৰ যিসকলে পুৱাই উঠি কাম কৰে, বেছি উদ্যমী বোধ নকৰে৷ আনকি সন্ধিয়াৰ সময়ত কাম কৰিবলৈ বেছি উৎসাহ পায় ৷ এই বিষয়টোৰ লগত কগনিটিভ পৰীক্ষাৰ ফলাফলৰ সামঞ্জস্য পাইছিল গৱেষকে৷ গৱেষকৰ দলৰ ড॰ ৰাহা ৱেষ্টে জনাইছিল যে যিসকল প্ৰাপ্তবয়স্কই সন্ধিয়া বা ৰাতিৰ সময়ত বেছি এক্টিভ বা সক্ৰিয় থাকে বা উদ্যমী বোধ কৰে, তেওঁলোকে সোনকালে উঠা মানুহতকৈ কগনিটিভ পৰীক্ষাত অপেক্ষাকৃত ভাল ফল লাভ কৰিছিল৷ অকল ইমানেই নহয় পুৱা উঠিয়েই যিসকলে কাম কৰিবলৈ পচন্দ কৰে, তেওঁলোকে পৰীক্ষাত বেয়া ফল লাভ কৰিছিল ৷ বিশেষজ্ঞই লগতে কৈছে যে যিসকলে দৈনিক ৭-৮ ঘণ্টা শোৱে, তেওঁলোকৰ মস্তিষ্কই বেছি ভালকৈ কাম কৰে৷ মস্তিষ্কৰ স্মৃতিশক্তি বৃদ্ধি পায় I আনহাতে ড॰ ৱেষ্টৰ মতে বেছি সময় শোৱা বা খুব কম সময় শোৱা কোনোটোৱে মস্তিষ্কৰ স্বাস্থ্যৰ পক্ষে ভাল নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here