এইবোৰ কাৰণত কিডনী বিকল হ’ব পাৰে

0
60

কিডনী বা বৃক্ক হৈছে আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ৷ ইয়ে আমাৰ শৰীৰৰ পৰা টক্সিন নিষ্কাশন কৰি শৰীৰটোক সুস্থ কৰি ৰাখে৷ কিন্তু আজিকালি অধিকাংশই কিডনীজনিত সমস্যা, কিডনী বিকল হোৱা আদি সমস্যাত ভোগে৷ ইয়াৰ কাৰণ কি আপুনি জানেনে? বহুতৰে মতে ডায়েবেটিছ বা অন্য ৰোগৰ বাবেও কিডনী বিকল হ’ব পাৰে৷ কিন্তু ইয়াৰ লগতে কিছুমান এনেকুৱা কাৰণো আছে, যিবোৰ ভুল আমি সচৰাচৰ কৰিয়েই থাকোঁ৷ ফলস্বৰূপে ভৱিষ্যতে ইয়ে ঘাতক হিচাপে বিবেচিত হ’ব পাৰে৷
কিডনী বিকল হোৱাৰ প্ৰধান কাৰণ হৈছে বহুসময় ধৰি প্ৰস্ৰাৱ আবদ্ধ কৰি ৰখা৷ বহু দেৰিলৈ প্ৰস্ৰাৱ বন্ধ কৰি ৰখাৰ বাবে বৃক্কৰ ওপৰত অধিক চাপ পৰে৷ ফলস্বৰূপে বৃক্কৰ কাৰ্যক্ষমতা হেৰুৱাই বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷
অতিৰিক্ত নিমখ সেৱনেও বৃক্কৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ যিহেতু নিমখত ছডিয়াম থাকে, সেয়েহে কিডনীয়ে অতিৰিক্ত ছডিয়াম দেহৰ পৰা নিষ্কাশন কৰাত অসুবিধাৰ সন্মুখীন হয়৷ ফলস্বৰূপে অতিৰিক্ত নিমখ কিডনীতে ৰৈ যায় আৰু কিডনী বিকল হোৱাত অৰিহণা যোগায়৷
অতিৰিক্ত পেইনকিলাৰ অথবা এণ্টিবায়’টিকৰ সেৱনে কিডনীৰ কোষসমূহৰ যথেষ্ট ক্ষতি কৰে৷ যাৰ ফলত এটা সময়ত কিডনী বিকল হোৱাৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷
পৰ্যাপ্ত মাত্ৰাত পানী নোখোৱাৰ ফলতো কিডনী বিকল হ’ব পাৰে৷ কিয়নো শৰীৰৰ টক্সিন নিষ্কাশন কৰিবলৈ বৃক্কক পানীৰ প্ৰয়োজন হয়৷ কিন্তু পৰ্যাপ্ত মাত্ৰাত পানী নাপালে বৃক্কই অধিক কষ্ট কৰিবলগীয়া হয়৷ ফলত কিডনী বিকল হ’ব পাৰে৷
ইয়াৰ উপৰি ধূমপান, মাদকদ্ৰব্য সেৱন, অত্যধিক চাহ বা কফি সেৱনেও কিডনী বিকলত অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here