এইবোৰ অভ্যাসে অন্ধতা আনিব পাৰে

0
43

মানৱ সভ্যতাৰ উন্নতিৰ লগে লগে বৰ্তমান সকলো বস্তু, সকলো কামেই ডিজিটেল হৈ পৰিছে৷ পুৱা শুই উঠিয়েই মোবাইলটো চোৱাৰ পৰা অফিচত কম্পিউটাৰত কাম কৰা, আকৌ ৰাতি আহি টিভি চোৱা আনকি পঢ়িব বিচাৰিলেও ডিজিটেল মাধ্যমতে কিতাপ পঢ়াৰ কামবোৰে আমাক ডিজিটেলাইজ কৰি পেলাইছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে আমাৰ চকুত৷ অকল এয়াই নহয়, আমি দৈনন্দিন জীৱনত সচৰাচৰ কৰি থকা আৰু কিছুমান কাম আছে, যাৰ অভ্যাসে আপোনাৰ চকুৰ ক্ষতি কৰিব পাৰে৷
অত্যধিক ৰ’দত থকা, প্ৰখৰ ৰ’দত ছানগ্লাছ নিপিন্ধাকৈ ওলাই যোৱা কামে চকুৰ ক্ষতি কৰিব পাৰে৷ কিয়নো যিদৰে সূৰ্যৰ প্ৰখৰ তাপে ছালৰ ক্ষতি কৰে, ঠিক একেদৰে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়েও চকুৰে কম দেখা, চকুৰ বিষ আদিৰ সৃষ্টি কৰে৷
ঘনাই ঘনাই চকু মোহৰা কাৰ্যই চকুৰ কৰ্নিয়াৰ ক্ষতি কৰিব পাৰে৷
আজিকালি ডিজিটেল ডিভাইচসমূহ যেন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ ফলত একেথিৰে কম্পিউটাৰ, টিভি, মোবাইল চাই থকাৰ পৰিণামস্বৰূপ বিশেষকৈ ৰাতি মোবাইল বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ পৰা ওলোৱা নীলা পোহৰে চকুৰ লগতে মগজুৰো যথেষ্ট ক্ষতি কৰে৷
ইয়াৰ লগতে একেবাৰে ওচৰৰ পৰা মোবাইল, টিভি, কম্পিউটাৰ চোৱা কাৰ্য চকুৰ বাবে একেবাৰে মাৰাত্মক৷
কণ্টেক্ট লেনছৰ ভুল ব্যৱহাৰে আপোনাৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে৷ কণ্টেক্ট লেনছৰ ভুল ব্যৱহাৰৰ ফলত চকুলৈ অক্সিজেনৰ সৰবৰাহ কমি যায়, চকুৰ শুষ্কতা, বেক্টেৰিয়াৰ সংক্ৰমণ আদি হ’ব পাৰে৷
পৰ্যাপ্ত মাত্ৰাত টোপনি নহ’লেও ইয়াৰ বিৰূপ প্ৰভাৱ বৃদ্ধ কালত আপোনাৰ চকুৰ ওপৰত পৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here