চাহৰ সৈতে বিস্কুট খোৱাটো স্বাস্থ্যসন্মতনে ?

0
124

আনৰ দৰে আপোনাৰো পুৱাই উঠি দাঁত ব্ৰাছ কৰিয়েই চাহৰ সৈতে বিস্কুট খোৱাৰ অভ্যাস নিশ্চয় আছে৷ চাহ লগত বিস্কুট এখন নাখালেই যেন মুখৰ একো জুতি নাপায়৷ কিন্তু আপুনি জানেনে এনেদৰে চাহ সৈতে বিস্কুট খোৱাৰ অভ্যাস কিমান স্বাস্থ্যসন্মত৷ এই বিষয়ে কি কয় পুষ্টিবিদে৷ পুষ্টিবিদে জনোৱা মতে নিয়মিতভাৱে চাহৰ সৈতে বিস্কুট খালে স্বাস্থ্যৰ পক্ষে মুঠেও উপকাৰী নহয়৷ ইয়াৰ কি সেয়াও জনালে বিশেষজ্ঞই৷ পুষ্টিবিদে জনোৱা মতে মানুহে বিস্কুট যিমানে স্বাস্থ্যকৰ বুলি ভাবে সিমান স্বাস্থ্যকৰ নহয়৷ বেছিভাগ বিস্কুটতে ফেট আৰু মিহি ময়দা অত্যধিক পৰিমাণে থাকে৷ ইয়াৰ অৰ্থ হ’ল যে বিস্কুট খালে কেৱলমাত্ৰ কেলৰি আৰু ফেটহে পোৱা যায়৷ বিপৰীতে বিস্কুটত পুষ্টি কম৷ পুষ্টিবিদৰ মতে প্ৰ’টিন, ভিটামিন বা খনিজৰ দৰে ন্যূনতম পুষ্টিও পোৱা নাযায়৷ সেয়ে চাহৰ সৈতে বিস্কুট খোৱা উচিত নহয়৷ অৱশ্যে চাহ খোৱাৰ ১৫ মিনিটমান পাছত বিস্কুট খাব পাৰে৷ কাৰণ ইয়াৰ এণ্টি নিউট্ৰিয়েণ্টে শৰীৰৰ আইৰন শোষণক প্ৰভাৱিত কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here