ইছৰ’ই কৰিলে ৰাম সেতুৰ ৰহস্য ফাদিল

0
159

আডামছ ব্ৰীজকেই ভাৰতীয়সকলে ৰাম সেতু হিচাপে চিহ্নিত কৰে৷ চূণশিলৰ দ্বাৰা তৈয়াৰী এই সেতু শ্ৰীলংকাৰ মান্নাৰ তথা তামিলনাডুৰ ৰামেশ্বৰম বা পামবান দ্বীপৰ মাজত অৱস্থিত৷ এই ৰাম সেতুৰ ৰহস্য ভেদ কৰিলে ইছৰ’ৰ বিজ্ঞানীয়ে৷ নাছাৰ আই চি ই ছেট-২ ছেটেলাইট ব্যৱহাৰ কৰি ৰাম সেতুৰ সমুদ্ৰৰ পানীত নিমজ্জিত হৈ থকা অংশৰ মানচিত্ৰ প্ৰস্তুত কৰিছে ইছৰ’ৰ যোধপুৰ তথা হায়দৰাবাদ নেশ্যনেল ৰিম’ট ছেন্সিং চেণ্টাৰৰ গৱেষকে৷ ২০১৮ চনৰ পৰা ২০২৩ চনলৈ এই ছেটেলাইটৰ তথ্য ব্যৱহাৰ কৰি ৰাম সেতুৰ ডুবি থকা অংশৰ পূৰ্ণ দৈৰ্ঘ্যৰ এটা ১০ মিটাৰ ৰিজোলিউশ্যনৰ মানচিত্ৰ তৈয়াৰ কৰা হৈছে৷ উল্লেখ্য যে ৰামায়ণত ৰাম সেতুৰ উল্লেখ আছে৷ ৰামায়ণৰ কাহিনী অনুসৰি শ্ৰীলংকা অৰ্থাৎ তৎকালীন লংকালৈ যোৱা বানৰ সেনাৰ সাহায্যত সমুদ্ৰৰ ওপৰত এই সেতু নিৰ্মাণ কৰিছিল ভগৱান ৰামে৷ ৰাম সেতু আচলতে এটা নেশ্যনেল ষ্ট্ৰাকচাৰ৷ বিভিন্ন ভূতাত্ত্বিক প্ৰমাণৰ পৰা জানিব পৰা মতে এই আণ্ডাৰৱাটাৰ অংশটো ভাৰত আৰু শ্ৰীলংকাৰ সৈতে যুক্ত এটা স্থল সেতু আছিল৷ আনহাতে ৰাম সেতুৰ দুই পাৰৰ তিৰ্যক ঢালৰ অসামঞ্জস্য আছে৷ এই ঢালৰ অসামঞ্জস্যৰ পৰা ইংগিত পোৱা যায় পক প্ৰণালীৰ তুলনাত মান্নাৰ উপসাগৰৰ পানীৰ বস্তুগত শক্তি বেছি৷ বিজ্ঞানীয়ে জানিছিল ৰাম সেতুৰ প্ৰায় ৯৯ শতাংশই অগভীৰ তথা অতি গভীৰ পানীত ডুবি আছে৷ মাত্ৰ ০.০২ শতাংশই সমুদ্ৰৰ ওপৰত আছে৷ ৰাম সেতুৰ কাঠামো মুঠ ১১ টা সংকীৰ্ণ পানীৰ চেনেল আছে৷ এই চেনেলবোৰৰ পৰা মান্নাৰ উপসাগৰ তথা পক প্ৰণালীৰ মাজত পানী প্ৰবাহিত হয়৷ এই চেনেলবোৰ থকাৰ কাৰণে সমুদ্ৰৰ ঢৌৰ পৰা ৰক্ষা পৰি আছে ৰাম সেতুৰ কাঠামো৷ ইছৰ’ৰ লেজাৰে সমুদ্ৰৰ গভীৰতাৰ তথ্য ৪০ মিটাৰ গভীৰপৰ্যন্ত সমুদ্ৰৰ তল চিনাক্ত কৰিব পাৰে৷ বিজ্ঞানীৰ মতে সমুদ্ৰৰ তলত ডুবি থকা সেতুখন আচলতে প্ৰাকৃতিকভাৱে তৈয়াৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here