অজানা পানীফলৰ উপকাৰিতা জানিলে আচৰিত হ’ব

0
92

সাধাৰণতে জলাশয়ত পানীফল পোৱা যায়৷ খাদ্য আৰু পুষ্টিগুণৰ বাবে পানীফল মহৌষধ৷ পানীফলক পানী শিঙৰা বুলিও জনা যায়৷ ইয়াৰ স্বাদ পানীৰ দৰে৷ ইয়াৰ সোৱাদ যদিও নাই, তথাপি উপকাৰিতা বহুত৷
ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ লগতে ছাল সতেজ আৰু কোমল ৰাখিবলৈ পানীফল খাওক৷
শৰীৰৰ দুৰ্বলতা ভাব নাইকিয়া পানীফলে কৰিব পাৰে৷
অনিয়ন্ত্ৰিত ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে পানীফল উপকাৰী৷
পানীফল যকৃতৰ প্ৰদাহনাশক, অৰ্থাৎ লিভাৰৰ ইনফ্লামেশ্যন নিৰাময়ৰ বাবে এইবিধ খোৱা ভাল৷
বিষাক্ত পোক-পৰুৱাই দংশন কৰিলে ইয়াৰ পৰা হোৱা বিষ নিৰাময়ৰ বাবে লগে লগে পানীফল পিচি ক্ষতস্থানত লগালে বিষ, যন্ত্ৰণা নিৰাময় হয়৷
কেঁচা পানীফলত প্ৰায় তিনিভাগ পানী থাকে৷ এইবিধ ফল প্ৰচুৰ এণ্টিঅক্সিডেণ্ট উপাদানেৰে সমৃদ্ধ৷
শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ বাবে পানীফল খালে সুফল পোৱা যায়৷
ইয়াত প্ৰচুৰ পৰিমাণে পটাচিয়াম থাকে বাবে হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে৷
যৌন দুৰ্বলতাৰ বাবে পানীফল উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here