আতংক : এইবাৰ চণ্ডীপুৰা ভাইৰাছৰ প্ৰাৰ্দুভাৱ : ক’ত ?

0
107

গুজৰাটৰ আৰাৱলীৰ মোটা কাণ্টাৰিয়াত চাৰি বছৰীয়া এটি শিশুৰ চণ্ডীপুৰা ভাইৰাছৰ বাবে মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে৷ এয়া হৈছে ৰাজ্যখনত চণ্ডীপুৰা ভাইৰাছত মৃত্যু হোৱাৰ প্ৰথমটো ঘটনা৷ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰ’লজিত পোৱা প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ উল্লেখ্য যে গুজৰাটত দুটা সপ্তাহত চণ্ডীপুৰা ভাইৰাছত মুঠ ১৪ জন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও চৰকাৰৰ ফালৰ পৰা এই কথা নিশ্চিত কৰা নাই৷ উল্লেখ্য যে এই ভাইৰাছৰ প্ৰথমে প্ৰাৰ্দুভাৱ ঘটিছিল উত্তৰ গুজৰাটত৷ চিকিৎসকে জনোৱা মতে চণ্ডীপুৰা ভাইৰাছৰ সংক্ৰমণৰ ফলত জ্বৰ হয়৷ এই ৰোগৰ লক্ষণসমূহ ইনফ্লুয়েঞ্জা আৰু এনকেফেলাইটিছৰ সৈতে একে৷ মুখ্যতঃ মহ, চিকৰা আৰু চেৰেপাৰ দ্বাৰা চণ্ডীপুৰা ভাইৰাছৰ সংক্ৰমণ হয়৷ ভাৰতত এই ভাইৰাছত প্ৰথম প্ৰাদুৰ্ভাৱ ঘটিছিল ১৯৬৫ চনত মহাৰাষ্ট্ৰৰ চণ্ডীপুৰা গাঁৱত৷ সেই গাঁৱৰ নামৰ পৰাই এই ভাইৰাছবিধ নামো চণ্ডীপুৰা ভাইৰাছ হিচাপে পৰিচিত হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here