পেকেটজাত খাদ্যৰ পুষ্টিগুণ সম্পৰ্কত FSSAI-ৰ নিৰ্দেশনা

0
137

এটা ঐতিহাসিক পদক্ষেপত ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই চমুকৈ এফ এছ এছ এ আই-এ পেকেটৰ খাদ্যবস্তুত থকা চেনি, নিমখ আৰু সংপৃক্ত চৰ্বি বা ছেচুৰেটেড ফেটৰ পৰিমাণ ডাঙৰকৈ আৰু গোট গোট আখৰেৰে লিখা বা ছপা কৰা এটা প্ৰস্তাৱত অনুমোদন জনাইছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ পৰা এই কথা জানিব পৰা গৈছে৷ এফ এছ এছ এ আইৰ এক অনুষ্ঠানত খাদ্যবস্তুৰ পেকেটত পুষ্টিগুণ সম্পৰ্কীয় তথ্য উল্লেখ কৰা ২০২০ চনৰ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ ৰেগুলেশ্যনৰ সংশোধনত অনুমোদন জনাবলৈ সিদ্ধান্ত লোৱা হয়৷ এই সম্পৰ্কত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে কয় যে উল্লিখিত বিধিৰ সংশোধন ঘটোৱাৰ লক্ষ্য হ’ল উপভোক্তাসকলে যাতে তেওঁলোকে খোৱা খাদ্যবস্তুৰ পুষ্টিগুণ জানিব পাৰে আৰু সেইমতে উপযুক্ত সিদ্ধান্ত ল’ব পাৰে৷ সেয়ে এতিয়াৰ পৰা পেকেটৰ খাদ্যত চেনি, নিমখ আৰু সংপৃক্ত চৰ্বিৰ পৰিমাণ স্পষ্টভাৱে আৰু ডাঙৰ আখৰেৰে লিখা থাকিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here