গৱেষকৰ আৱিষ্কাৰ : পাথৰ পৰিণত হ’ব বেটাৰীত

0
132

ইৰানৰ এক গৱেষকে ছিলিকেট পাথৰৰ ওপৰত ভিত্তি কৰি নতুন এটা উপাদানক লৈ কাম কৰি আছে৷ ভৱিষ্যতৰ বৈদ্যুতিক গাড়ীৰ বেটাৰীত লিথিয়ামৰ বিকল্প হিচাপে পাথৰ প্ৰতিষ্ঠাপনক লৈ গৱেষণা কৰিছে গৱেষকে৷ উল্লেখ্য যে বৈজ্ঞানিক অগ্ৰগতিয়ে ইৰানক পশ্চিম এছীয় অঞ্চলক অগ্ৰগামী কৰি তুলিছে৷ পাৰ্ছটুডেৰ মতে ইৰানৰ গৱেষক মোহাম্মাদ খোছ কালামে নিশ্চিত কৰিছে যে ছিলিকেট শিলাত এনে কঠিন পদাৰ্থ আছে, যি ইলেক্ট্ৰলাইটৰ বাবে উপযুক্ত৷ তেওঁ এই সম্পৰ্কত কৈছে যে এটা কঠিন ইলেক্ট্ৰলাইট হিচাপে ছিলিকেট পটাচিয়ামৰ সম্ভাৱনা দীৰ্ঘদিন ধৰি স্পষ্ট হৈছে৷ পটাচিয়ামৰ আয়নবোৰ ওজন আৰু আকাৰ সম্পৰ্কিত চেলেঞ্জবোৰৰ কাৰণে ইয়াক উপেক্ষা কৰা হৈছিল৷ ইৰানী গৱেষকে তৰল ইলেক্ট্ৰ’লাইটসহ লিথিয়ামৰ তুলনাত ছিলিকেট শিলাক আয়নবোৰৰ গতি-বিধি ত্বৰান্বিত কৰাৰ এটা পদ্ধতি প্ৰস্তুত কৰিছে৷ কালামে সদৰী কৰা মতে বেটাৰীৰ এটা অংশৰ সৈতে প্ৰথম পৰিমাপত দেখা গৈছে এটা কঠিন ইলেক্ট্ৰলাইট হিচাপে এই উপাদানটোৰ উচ্চ পৰিবাহী ক্ষমতা আছে৷ আনহাতে তেওঁ লগতে জনাইছে যে এই ছিলিকেট পাথৰবোৰ সমুদ্ৰৰ সৈকত পোৱা যায়৷ নতুন এই উপাদানটোৰ এটা গুৰুত্বপূৰ্ণ সুবিধা হ’ল বায়ু আৰু পলিৰ প্ৰতি ইয়াৰ সংবেদনশীলতা৷ এই কাৰণে এই উপাদানটোক এটা পাতল স্তৰ হিচাপে বেটাৰীত ব্যৱহাৰ কৰা যাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here