জবাফুলৰ চাহ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ?

0
92

আপুনি চাহ প্ৰিয় নেকি? সেয়ে বিধে বিধে চাহ খাবলৈ নিশ্চয় পচন্দ কৰে৷ নতুন ফ্লেভাৰৰ চাহ সোৱাদ বা গোন্ধ ল’বলৈ সকলোৱে বিচাৰে৷ ইয়াৰ বাবে চাহপাতৰ সৈতে কেমোমাইল, জুঁই, অপৰাজিতা, গোলাপ ফুলৰ পাপৰি শুকাই ব্লেণ্ড কৰি প্ৰস্তুত কৰা হয় কিছু বিশেষ চাহ৷ এই তালিকাত আছে জবাফুলো৷ অকল যে সোৱাদ কিম্বা গোন্ধৰ বাবে এই ফুল ব্যৱহাৰ কৰা হয়, তেনে নহয়৷ এই সকলোবোৰ চাহৰ বিভিন্ন ধৰণৰ ঔষধি গুণ আছে৷ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ জবাফুলৰ চাহ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷ জবাফুলত থকা বিশেষ এবিধ যৌগ কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ব্যাধিক প্ৰতিৰোধ কৰিব পাৰে৷ শৰীৰৰ ওজন কমোৱাৰ বাবে বহুদিন ধৰি শৰীৰচৰ্চা কৰা হয়৷ ইয়াৰ ফলত কিমান কিন্তু লাভ একো হোৱা নাই৷ এই ক্ষেত্ৰত জবাফুলৰ চাহ আপোনাৰ কামত আহিব পাৰে৷ পুষ্টিবিদৰ মতে বিপাক হাৰৰ মান ভালে ৰাখে জবাফুলত থকা যৌগবোৰে৷ বিপাক হাৰ ভাল হ’লে ওজনো সহজে কমি যায়৷ ইয়াৰ লগতে নন এলকহলিক ফেটি লিভাৰৰ সমস্যা থাকিলে জবাফুলৰ চাহে সমাধান কৰিব পাৰে৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি আছে যদি পুৱাই নিয়মিতভাৱে জবাফুলৰ চাহ খোৱাৰ অভ্যাস কৰক৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ এই চাহে নিয়ন্ত্ৰণ কৰে উদ্বেগ, হাইপাৰ টেনশ্যন আদিৰ দৰে সমস্যা৷ বয়স্কসকলৰ মাজত মূত্ৰনলীৰ সমস্যা খুব বেছি দেখা যায়৷ মূত্ৰনলীৰ সংক্ৰমণ কমাবলৈ এণ্টিঅক্সিডেণ্টযুক্ত জবাফুলৰ চাহ সেৱন কৰিলে সুফল পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here