জলকীয়াই জিভা পুৰিলে তৎক্ষণাৎ কি কৰিব?

0
68

খাদ্যত অকণমান জ্বলা নহ’লে যেন তাৰ একো জুতিয়েই নাই৷ কিছুমান এনেকুৱা মানুহো আছে, যিয়ে চকুৱে-নাকে পানী ওলালেও জ্বলা খায়ে থাকে আৰু কিছুমান এনে মানুহো আছে, যিয়ে এটা জলকীয়াৰো জ্বলা সহ্য কৰিব নোৱাৰে৷ মুঠতে যিয়েই নহওক, জ্বলা খোৱাৰ পাছত যেতিয়া জিভা পোৰে আচল পয়মালটো তেতিয়াহে লাগে৷ কিছুমান খাদ্য ইমানেই জ্বলা হয় যে ঢোকে ঢোকে পানী খালেও তাৰ জ্বলন নকমে৷ সেয়েহে জানো আহক জ্বলা খাদ্যই জিভা পুৰিলে কি কৰিব৷
সাধাৰণতে জলকীয়াই জিভা পুৰিলে প্ৰত্যেকেই চেনি খোৱা দেখা যায়৷ অৱশ্যে ই বিশেষভাৱে কাৰ্যকৰী৷ কিন্তু চেনিৰ সলনি মৌ খালে আপুনি অধিক সুফল লাভ কৰিব পাৰিব৷
নেমুৰ ৰস, কমলাৰ ৰস বা যিকোনো টেঙা ফলে জ্বলা নাইকিয়া কৰিব পাৰে৷
ঠাণ্ডা গাখীৰ বা দৈয়েও জিভাৰ জ্বলন কমাই আপোনাক আৰাম প্ৰদান কৰিব পাৰে৷
জিভাৰ জ্বলন কমাবলৈ সিদ্ধ আলু নাইবা ব্ৰেড বাটাৰো খাব পাৰে৷
ঠাণ্ডা আইচক্ৰীমো এই ক্ষেত্ৰত বিশেষভাৱে কাৰ্যকৰী৷
গতিকে অধিক জ্বলা খাদ্যই জিভা পুৰিলে উপৰিউক্ত বিধানবোৰ মানি চলিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here