মানুহৰ বাদে কোন প্ৰাণীয়ে নিজৰ নাম মনত ৰাখে?

0
70

ইউনাইটেড কিংডমৰ ছেইণ্ট এণ্ড্ৰুজ বিশ্ববিদ্যালয়ৰ সামুদ্ৰিক স্তন্যপায়ী জীৱবিজ্ঞানী পিটাৰ টাইকে এনে এক বিস্ময়কৰ গৱেষণা প্ৰকাশ কৰিছে, যি কথা শুনিলেই বিশ্বাস কৰাই কঠিন হৈ পৰে৷ বিশ্বব্ৰহ্মাণ্ডত প্ৰতি ছেকেণ্ডতে নানা অবিস্মৰণীয় ঘটনা ঘটি আছে৷ ন ন তথ্য উদঘাটন হৈ আছে৷ বিশ্বৰ বিভিন্ন ৰহস্য ভেদ হৈ আছে প্ৰতি মূহূৰ্ততে৷ তেনে এক ৰহস্যৰ ভেদ ভঙাৰ চেষ্টা কৰা হৈছে৷ আমি জানো যে এই বিশ্বব্ৰহ্মাণ্ডত জীৱশ্ৰেষ্ঠ বুলি মানুহক কোৱা হয়৷ মানুহৰ সমান বুদ্ধিমান জীৱ এই পৃথিৱীৰ আৰু কোনো নাই৷ মানুহৰ চিন্তা কৰিব পৰা শক্তি আছে৷ সমাধানৰ উপায়ো সহজে উলিয়াই লয়৷ যিটো আন জীৱ-জন্তুৰ ক্ষেত্ৰত দেখা নাযায়৷ মানুহ এনে এটা প্ৰাণী, যাৰ পৃথিৱীৰ কোনো প্ৰাণীৰ লগতে মিল নাই৷ কিন্তু গৱেষকসকলে জনোৱা মতে মানুহতকৈ বুদ্ধিমান প্ৰাণী তথা নিজে নাম দিব পৰা প্ৰাণী এই পৃথিৱীত আছে৷ সাধাৰণতে মানুহে নিজৰ নাম দিয়াৰ লগতে কুকুৰ, মেকুৰী, পক্ষী আদি জীৱ-জন্তুৰো নাম দিয়ে আৰু মনত ৰাখে৷ কিন্তু কুকুৰ, মেকুৰীয়ে নিজৰ নাম দিব নোৱাৰে৷ সিহঁতক মানুহে দিয়া নামেৰেই চিনা হয় বা সেই নামেৰে মতা হয় বুজি পায়৷ কিন্তু এনে এবিধ প্ৰাণী আছে, যাৰ নিজৰ নাম নিজে দিয়ে৷ সেই অদ্ভুত প্ৰাণীবিধ হ’ল ডলফিন৷ ডলফিনে নিজৰ নামেৰেহে চিনি পায়৷ সকলো ডলফিনে এটা এটা নাম দিয়ে নিজে নিজেই৷ সিহঁতে পানীত পৰস্পৰৰ মাজত যোগাযোগ বা মাতিবলৈ হুইছেলৰ দৰে শব্দ কৰে৷ প্ৰতিটো ডলফিনৰ মাতৰ শব্দ অৰ্থাৎ হুইছেলৰ শব্দ পৃথক পৃথক হয়৷ সাধাৰণতে ডলফিনবোৰ সংঘবদ্ধ হৈ একেলগে থাকে৷ কিন্তু কেতিয়াবা যদি দলৰ পৰা বিচ্ছিন্ন হৈ যায়, তেতিয়া বাকীবোৰে হুইছেলৰ দৰে শব্দ কৰি তাক মাতিবলৈ ধৰে৷ বিশ্বৰ এনেবোৰ বিস্ময়কৰ কথাই সকলোকে আমোদ নিশ্চয় দিয়ে নহয়নে বাৰু৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here