দৈনিক এটোপাল সৰিয়হৰ তেল নাভীত লগাওক

0
86

সাধাৰণতে ৰন্ধন প্ৰণালীত সৰিয়হ তেল ব্যৱহাৰ কৰা হয়৷ যিকোনো ব্যঞ্জনত সৰিয়হৰ তেল নিদিলে বা নাৰান্ধিলে আঞ্জাখন সম্পূৰ্ণ নহয়৷ সৰিয়হৰ তেল অবহনে ৰন্ধন কাৰ্য অসম্ভৱ হৈ পৰে৷ সৰিয়হৰ তেলে আঞ্জাৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ আছে বিভিন্ন শাৰীৰিক উপকাৰিতা৷ শাৰীৰিক উপকাৰৰ লগতে সৰিয়হৰ তেলে আন বিভিন্ন কামত ব্যৱহাৰ কৰি সুফল পাব পাৰি৷ দৈনিক সৰিয়হত তেল ব্যৱহাৰ কৰি শৰীৰ সুস্থ তথা নিৰোগী হোৱাত সহায় কৰে৷ জানো আহক ৰন্ধন কাৰ্যৰ উপৰিও আৰু কি কাম সৰিয়হত তেল ব্যৱহাৰ কৰিব পাৰি৷ নিয়মিতভাৱে ৰাতি নাভীত সৰিয়হৰ তেল লগালে পেটৰ বিভিন্ন সমস্যা সমাধান হয়৷ নিয়মিতভাৱে মূৰত সৰিয়হৰ তেল দিলে আজীৱন চুলি ক’লা আৰু ঘন হৈ থাকে৷ সৰিয়হৰ তেল বুকুত লগালে চৰ্দি, কাহ আদিৰ প্ৰকোপ কমি থাকে৷ সৰিয়হৰ তেলৰ সৈতে নাৰিকলৰ তেল মিহলাই মুখত মাছাজ কৰিলে ছাল ভালে থাকে তথা ছালৰ উজ্জ্বলতা বাঢ়ে৷ সৰিয়হৰ তেলত ভিটামিন-এ, ভিটামিন-ই, আৰু ভিটামিন-বি কমপ্লেক্স পোৱা যায়৷ যিয়ে মুখত বলিৰেখাৰ সমস্যা, ৰিংকল কমোৱাত সহায় কৰে৷ সৰিয়হত তেল ছাল লগালে ছালৰ শুষ্কতা নোহোৱা কৰি আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here