সমগ্ৰ বিশ্বতে প্ৰতিদিনে কিমান খাদ্যবস্তুৰ অপচয় হয় সেয়া জানিলে আপুনি হয়তো আচৰিত হৈ পৰিল৷ ইয়াৰ বিপৰীতে বিশ্বজুৰি দিনটোত এসাঁজো খাবলৈ নোপোৱা লোকৰ হিচাপে শুনিলেও অবাক হৈ পৰিব নি(য়৷ দিনত এসাঁজ খাই এসাঁজ লঘোনে থকা ভোকাতুৰ যিমানে বাঢ়িছে সিমানে এই বিশ্বত খাদ্যৰ অপচয়ো তাতকৈ বাঢ়িছে৷ মুঠতে এফালে বাঢ়িছে ভোকাতুৰৰ সংখ্যা আনফালে দৈনিক হৈছে হাজাৰ কোটি হিচাপত খাদ্যৰ অপচয়৷ জনা মতে বিশ্বজুৰি মানুহৰ বাবে প্ৰস্তুত কৰা প্ৰায় এক তৃতীয়াংশ খাদ্যৰ অপচয় হৈ আহিছে৷ বিশেষজ্ঞই জনোৱা মতে বিশ্বত হোৱা খাদ্যৰ এই অপচয়ৰ যদি আধা অংশও ৰোধ কৰিব পৰা যায়, তেন্তে বিশ্বৰ পোন্ধৰ কোটি লোকৰ পেটৰ ভোক নিবাৰণ কৰিব পৰা যাব৷ ৰাষ্ট˜সংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ ৰাষ্ট˜সংঘৰ উক্ত প্ৰতিবেদনে সকলোকে ভবাই তুলিছে, কিয়নো সমগ্ৰ বিশ্বজুৰি ৰন্ধা খাদ্য বা খোৱাৰ উপযোগী খাদ্য পেলাই দিয়াৰ পৰিৱৰ্তে যদি এইবোৰ খাদ্য দুৰ্ভিক্ষ তথা ভোকাতুৰ লোকক খোৱাৰ ব্যৱস্থা কৰিব পৰা গ’লহেঁতেন, তেনেহ’লে বিশ্বত ভোকাতুৰৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হ’লহেঁতেন৷ উক্ত প্ৰতিবেগনখনত লগতে এইবুলিও কোৱা হৈছে যে বিশ্বজুৰি এইদৰে হোৱা খাদ্যৰ অপচয় ৰোঘৰ ব্যৱস্থা নল’লে ২০৩০ চনলৈ বিশ্বত ৬০ কোটি লোক দুৰ্ভিক্ষৰ কবলত পৰিব৷