আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়ন হৈছে৷ প্ৰযুক্তিবিদ্যাৰ বলত মানুহে সপোনতে ভাবিব নোৱৰা কাম কৰিবলৈ সক্ষম হৈছে৷ আনহাতে বৰ্তমানৰ যুগটো হৈছে ৰবটিক যুগ৷ আজিৰ বিজ্ঞানৰ যুগত ৰবটৰ জৰিয়তে মানুহে নিত্য নৈমিত্তিক কামবোৰ কৰিব পৰা হ’ল৷ আনহাতে অফিচ, হোটেল, বিমান বন্দৰ, মানুহৰ ঘৰুৱা কামত ৰবট ব্যৱহাৰ কৰি সুকলমে কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ মানুহে কাম কৰি এটা সময়ত অৱশ হৈ পৰে যদিও তথ্য প্ৰযুক্তিৰ দান ৰবটে অনায়াসে গোটেই দিনটো কাম কৰিব পাৰে৷ ৰবটৰ ভাগৰ নাই, কিয়নো ই এটা যন্ত্ৰহে৷ মানুহৰ আঙুলিৰ ঠাঁৰত যেতিয়াই ইয়াক ব্যৱহাৰ কৰিব খোজে তেতিয়াই কৰিব পাৰি৷ যিহেতু ই মানুহৰ সম্প্ৰ্ণ নিয়ন্ত্ৰণত৷ কিন্তু সকলোকে আচৰিত কৰি ইয়াৰ যেন এটা বিপৰীত উত্তৰ পোৱা গ’ল যিটো বিশ্বাস কৰিব নোৱাৰি৷ এই অবিশ্বাস্য ঘটনাটো ঘটে দক্ষিণ কোৰিয়াৰ গুমি চিটি কাউন্সিলত৷ ইয়াতে হঠাতে এটা ৰবট অত্যধিক কামৰ বোজাৰ বাবে নিষ্ক্ৰিয় হৈ পৰে৷ ৰবটৰ এই নিষ্ক্ৰিয় হোৱা ঘটনাটোক ৰবটৰ আত্মহত্যা বুলি অিভহিত কৰিছে৷ ইয়াৰ পৰাই বুজা গ’ল যে অকল মানুহেই নহয়, কামৰ অত্যধিক বোজা সহিব নোৱাৰি ৰবটেও আত্মহত্যা কৰে৷ জানিব পৰা মতে দক্ষিণ কোৰিয়াত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় বিতৰ্ক৷ চিটি কাউন্সিলৰ ভৱনৰ দ্বিতীয় আৰু তৃতীয় মহলাত ছিৰিত হঠাতে ৰবটটোৱে অবিশ্বাস্য আচৰণ কৰিবলৈ ধৰে৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে সেই সময়ত ৰবটটোৱে তাৰ নিৰ্দিষ্ট সংকেত তথা যাবলগীয়া স্থানৰ পৰিৱৰ্তে উন্মাদপ্ৰায় হৈ ইফালে সিফালে ঢপলিয়াবলৈ ধৰে৷ উক্ত ঘটনা প্ৰত্যক্ষ কৰি ইয়াত উপস্থিত থকা লোকসকলে আতংকিত হৈ পৰে৷ উল্লেখ্য যে গুমি চিটি কাউন্সিলৰ প্ৰশাসনিক বিষয়া হিচাপে এই ৰবটটোক দায়িত্ব দিয়া হৈছিল৷