হাৰ্ট এটেকৰ সম্ভাৱনা কমাবলৈ কফি খাওক

0
220

সাধাৰণতে অৱসাদ, ভাগৰ, টোপনিৰ ভাব দূৰ কৰিবলৈ কফি বা চাহ খোৱা হয়৷ কফি খোৱাটো আকৌ কিছুমানৰ নিচালৈও পৰিৱৰ্তন হয়৷ সময়ত কফি খাবলৈ নাপালে তেনে লোকৰ অৱস্থা চাব নোৱৰা হয়৷ এইধৰণৰ লোকে দিনটোৰ কেইবাকাপো কফি সেৱন কৰে৷ আনহাতে দিনটোৰ কৰ্মব্যস্ততাৰ মাজত চাহ বা কফি একাপ খালে সজীৱতা আহে৷ সেয়ে দেহক কৰ্মদক্ষ তথা মন সতেজ কৰি ৰাখিবলৈ বহুতেই কাম মাজে মাজে কফি সেৱন কৰা দেখা যায়৷ কফি খোৱাৰ ফলত স্বাস্থ্য ভালে থাকে ঠিকেই, কিন্তু আপুনি যদি দীৰ্ঘসময় ধৰি একে ঠাইতে বহি কাম কৰিবলগীয়া হয়, তেনেহ’লে কফি সেৱন কৰা অভ্যাস কৰক৷ নহ’লে আপুনি কফি সেৱন কৰাৰ উপকাৰৰ পৰা বঞ্চিত হ’ব৷ এই সম্পৰ্কে ১০ হাজাৰ প্ৰাপ্তবয়স্কক লৈ এটা গৱেষণা কৰা হৈছিল, যি গৱেষণাৰ প্ৰতিবেদন প্ৰকাশিত হৈছে বায়’মেড চেণ্ট্ৰাৰ পাব্‌লিক হেল্‌থ জাৰ্নালত৷ উক্ত গৱেষণাটোৰ পৰা জনা গৈছে যে মানুহে কফি সেৱন কৰাৰ লগতে শাৰীৰিক ক্ৰিয়াকলাপ কৰা দৰকাৰ৷ ইয়াৰ ফলত মানুহৰ মৃত্যুৰ হাৰ কমি থাকিব৷ কিন্তু আপুনি যদি কফি সেৱন কৰে আৰু গোটেই দিনটো একেঠাইতে আঠ ঘণ্টাৰ বেছি বহি থাকে, তেনেহ’লে এই ক্ষেত্ৰত আপোনাৰ মৃত্যুৰ সম্ভাৱনা ৬০ শতাংশ বাঢ়ি যাব পাৰে৷ বহুতেই ভাবে যে বহি থকাৰ ফলত যি হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়, তেনে অৱস্থাত কফি সেৱন কৰাৰ ফলত এনে সম্ভাৱনা কমে বুলি৷ কিন্তু কফি সেৱন কৰাৰ উপৰি যদি শৰীৰচৰ্চা নকৰে, তেনেহ’লে একোৱেই লাভ নহয়৷ চীনৰ সুচো ইউনিভাৰছিটি স্কুল অব পাবলিক হেল্‌থৰ মেডিকেল কলেজৰ গৱেষকে জনাইছে যে যিসকলে কফি সেৱন কৰে অথচ গোটেই দিনটোৰ ছয় ঘণ্টা একে ঠাইতে বহি সময় কটায়, ইয়াৰ তুলনাত যিসকলে কফি সেৱন কৰে, কিন্তু বেছি সময় একে ঠাইতে বহি নাথাকি কৰ্মত নিয়োজিত হৈ থাকে, তেওঁলোকৰ মৃত্যুৰ হাৰ ২৪ শতাংশ কমি যায়৷ গৱেষকে অৱশ্যে জানিবলৈ দিয়ে যে যিসকসে কফি সেৱন কৰে, আনৰ তুলনাত তেওঁলোকৰ হৃদৰোগৰ মৃত্যুৰ সম্ভাৱনা যথেষ্ট কম হয়৷ দিনত অন্ততঃ তিনি কাপ কফি খালে আপোনাৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা নাথাকে৷ কফিত থকা কেফেইন আৰু পলিফেনলে শৰীৰৰ বিভিন্ন সমস্যা কমাই ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here