সাৱধান : সুৰাপানে বছৰি প্ৰাণ লয় কেইবালাখ লোকৰ

0
71

সুৰা বা মাদকদ্ৰব্যই মানৱ সমাজত ভয়াৱহ ব্যাধিৰূপে দেখা দিছে৷ মাদকদ্ৰব্যৰ অবাধ প্ৰচলনে সমাজলৈ অশনি সংকেট কঢ়িয়াই আনিছে৷ বিশেষকৈ যুৱ সমাজৰ মাজত ইয়াৰ অধিক ব্যৱহাৰে সমাজখনলৈ অশুভ বাৰ্তা আনিছে৷ ইয়াৰ ফলত হত্যা, অত্যাচাৰ, বিশৃংখলতা তথা হাই-কাজিয়াৰ প্ৰাৰ্দুভাৱ বাঢ়িছে৷ আনকি সুৰাপানে বহুতৰে সুখৰ সংসাৰ থানবান কৰিছে৷ ইয়াৰ বিপৰীতে এচামে সুৰাপান কৰি অশান্তিৰ সৃষ্টি কৰি ওচৰ-চুবুৰীয়াক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ মুঠতে ইয়াৰ কুফল ভোগ কৰিছে সমাজে৷ ইয়াৰ লগতে সুৰাপান কৰাৰ ফলত অকালতে বহুতৰে মৃত্যু হৈ পৰিয়ালটোলৈ দুৰ্যোগ নমাই আনিছে৷ শেহতীয়াভাৱে এক তথ্যই পুনৰ ভবাই তুলিছে সুৰাপানৰ কুফল৷ উল্লেখ্য যে বিশ্বজুৰি সুৰাপান কৰাৰ ফলত প্ৰতিবছৰে ৪ লাখ লোকৰ মৃত্যু হৈছে৷ আনহাতে সুৰাপান কৰাৰ ফলত বছৰি ৪০ লাখ লোক বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছে প্ৰতিবেদনত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত এই তথ্যৰ পৰা সুৰাপানৰ ফলত হোৱাৰ ক্ষতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহে৷ উল্লেখ্য যে বিশ্বত মৃত্যু হোৱা মুঠ লোকৰ ৪.৭ শতাংশই সুৰাপানৰ ফলত মৃত্যু হোৱা বুলিও প্ৰতিবেদনখনত উল্লেখ কৰা হয়৷ আনহাতে বিশ্বৰ প্ৰতি বিশজন লোকৰ ভিতৰত সুৰাপান কৰাৰ ফলত এজনৰ মৃত্যু হোৱাৰ তথ্যও সদৰী কৰে৷ চীনত প্ৰতি এক লাখ লোকৰ বিপৰীতে সুৰাপান সেৱনৰ ফলত ১৬.১ শতাংশৰ মৃত্যু হোৱাৰ লগতে ভাৰতত এক লাখ লোকৰ ভিতৰত ৩৮.৫ শতাংশ লোকৰ সুৰাপান সেৱনৰ ফলত মৃত্যু হয় বুলিও উক্ত প্ৰতিবেদনত উল্লেখ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here