উদ্বেগ বৃদ্ধি বিজ্ঞানীৰ সমুদ্ৰৰ অস্বাভাৱিক পৰিৱৰ্তন

0
72

বিজ্ঞানীৰ বিগত এবছৰকৈও বেছি সময় ধৰি প্ৰতিদিনে সমুদ্ৰৰ তাপমাত্ৰাৰ ৰেকৰ্ড কৰা হৈছে৷ ২০২৩ চনৰ পৰা আৰম্ভ কৰা এই ধাৰা এইপৰ্যন্ত অব্যাহত আছে৷ ইয়াক লৈ ক্ৰমশঃ উদ্বেগ বাঢ়িছে সমুদ্ৰ বিজ্ঞানীৰ৷ অকল সমুদ্ৰই নহয়, সমগ্ৰ পৃথিৱী কেইবামাহ ধৰি উত্তপ্ত হৈ আছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মেইন বিশ্ববিদ্যালয়ৰ ক্লাইমেট ৰিএনালাইজাৰ অনুসৰি ১৯৮২ চনৰ পৰা ২০১১ চনৰ তুলনাত বৰ্তমান সমুদ্ৰপৃষ্ঠৰ গড় তাপমাত্ৰা প্ৰায় ১.২৫ ডিগ্ৰী ফাৰেনহাইট বেছি৷ এইটো এটা বৃহৎ অসংগতি, যাৰ ফলত ইয়াৰ প্ৰভাৱ জলবায়ু, আৱহাৱা তথা বাস্তুতন্ত্ৰৰ ওপৰত পৰিব পৰে৷ গৱেষণা প্ৰতিষ্ঠান কোপাৰ্নিকাছ ক্লাইমেট চেঞ্জ ছাৰ্ভিচৰ তথ্য অনুসৰি বিগত মাৰ্চ মাহৰ পৰা বিশ্বৰ সমুদ্ৰপৃষ্ঠৰ গড় তাপমাত্ৰা আছিল ২১.০৭ ডিগ্ৰী ছেলচিয়াছ বা ৬৯.৯৩ ডিগ্ৰী ফাৰেনহাইট৷ কোপাৰ্নিকাছৰ ডেপুটি ডিৰেক্টৰ ছামান্থা বাৰ্গেছে কৈছে যে ২০২৪ চনৰ মাৰ্চ মাহত ধাৰাবাহিকভাৱে বতাহৰ তাপমাত্ৰা তথা সমুদ্ৰপৃষ্ঠৰ তাপমাত্ৰা উভয়ে জলবায়ুৰ ৰেকৰ্ড ভঙাৰ সম্ভাৱনা আছে৷ সমুদ্ৰৰ অস্বাভাৱিক উষ্ণতা বৃদ্ধিয়ে দ্ৰুত ঘূৰ্ণিবতাহ তৈয়াৰৰ দৰে পৰিস্থিতিৰ অৰিহণা যোগায়৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি বৈশ্বিক তাপমাত্ৰা বাঢ়িছে, আনহাতে জীৱাশ্ম ইন্ধন পোৱা কোনোভাৱেই কমা নাই৷ যাৰ ফলত বায়ুমণ্ডলত গ্ৰীনহাউছ গেছৰ পৰিমাণ বৃদ্ধি পাই পৃথিৱীৰ উষ্ণতা বৃদ্ধি অস্বাভাৱিকভাৱে বাঢ়ি গৈ আছে৷ যেতিয়ালৈকে বায়ুমণ্ডলৰ গ্ৰীনহাউছ গেছৰ মাত্ৰা বেছি থাকিব, তেতিয়ালৈকে মহাসাগৰবোৰে শক্তি শোষণ থাকিব৷ ইয়াৰ বাবে তাপমাত্ৰা বৃদ্ধিৰ ঘটনা চলিয়েই থাকিব৷ ইয়াৰ উপৰি সমুদ্ৰপৃষ্ঠৰ তাপমাত্ৰাৰ উঠা-নমা কৰা তথা এল নিনো আৰু লা নিনাৰ দৰে বিভিন্ন প্ৰাকৃতিক ঘটনা জলবায়ু পৰিৱৰ্তনশীলতাৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে৷ সেয়ে বিজ্ঞানীসকলে এতিয়াও সঠিকভাৱে জনা নাই কিয় সমুদ্ৰপৃষ্ঠৰ তাপমাত্ৰা ইমান বেছি বাঢ়ি গৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here