আপু্‌নিও ফ’বিয়াত ভুগিছে নেকি ? নিৰাময়ৰ সহজ উপায়

0
112

ফ’বিয়া সম্পৰ্কে আমাৰ চিন্তা ভাবনাৰ চেলেঞ্জ কৰাৰ পৰা আৰম্ভ কৰি লাহে লাহে নিজক ইয়াক প্ৰকাশ কৰাপৰ্যন্ত ইয়াৰ পৰা উপশমৰ বহুতো উপায় আছে৷ ফ’বিয়া একধৰণৰ এংজাইটি ডিছঅৰ্ডাৰ৷ এটা কোনো নিৰ্দিষ্ট বস্তু, পৰিৱেশ-পৰিস্থিতি বা ক্ৰিয়াকলাপৰ বাবে কোনো ব্যক্তিৰ মাজত অযৌক্তিক ভয় ভাব এটা মনত সোমাই যায়৷ বিভিন্ন লোকৰ ক্ষেত্ৰত দেখা যায় যে কোনো লোকে পানীলৈ ভয় কৰে, কিছুমানে জুই, ধুমুহা, বৰষুণ, আন কিছুৱে এন্ধাৰ পৰিৱেশ, বিকট শব্দ, কুকুৰলৈ ভয়, জন্তুলৈ ভয়, ভূতলৈ ভয়, উচ্চ ঠাই বগাবলৈ ভয়, জাহাজত উঠাৰ ভয়, জয়াল ঠাইলৈ যোৱাত ভয় আদি বিভিন্ন ফ’বিয়া থাকে৷ ফ’বিয়া সঠিক পদ্ধতিৰ জৰিয়তে কাৰ্যকৰীভাৱে নিৰ্মূল কৰিব পৰা যায়৷ ফ’বিয়া সম্পৰ্কীয় কিছু উদ্বেগ গ্ৰহণ কৰা তথা এইবোৰ সমস্যা নিৰাময় তথা উপশম কৰিবলৈ সক্ষম হোৱা যায়৷ যদিও যিকোনো ধৰণৰ ফ’বিয়া নোহোৱা কৰিবলৈ সময় তথা প্ৰচেষ্টা লাগে, কিন্তু আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ হ্ৰাস তথা নিৰ্মূল কৰা ভয় উদ্দীপক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিজকে প্ৰচেষ্টা কৰাৰ প্ৰয়োজন আছে৷ ফ’বিয়াৰ পৰা হাত সাৰিবলৈ প্ৰথম পদক্ষেপটো হ’ল লাহে লাহে নিজক সেই বস্তু বা পৰিস্থিতি তথা ক্ৰিয়াকলাপৰ ওচৰ চাপি ভালদৰে অধ্যয়ন কৰা, বুজি পোৱাৰ চেষ্টা কৰা, যাৰ পৰা আপুনি সকলোতকৈ বেছি ভয় পাই আহিছে৷ ফ’বিয়াৰ কথা মনলৈ আহিলে অৱশ্যে গভীৰ শ্বাস-প্ৰশ্বাস বা পেশী শিথিলতাৰ দৰে কৌশলবোৰ অনুশীলন কৰা৷ আপুনি ভিজুৱেলাইজেশ্যনৰ কৌশল অৱলম্বন কৰিব পাৰে, যিয়ে নিজকে সফলভাৱে ফ’বিয়াৰ পৰা মুক্ত কৰিব পাৰে৷ আপুনি যিকোনো নেতিবাচক চিন্তা-ভাবনাৰ মনৰ পৰা দূৰ কৰাৰ চেষ্টা কৰক৷ ইয়াৰ পৰিৱৰ্তে যুক্তিপূৰ্ণ বিশে¡ষণ তথা বিজ্ঞানসন্মত ব্যাখ্যাৰে যিকোনো বস্তু বা পৰিস্থিতিক অধ্যয়ন কৰিলে আপোনা আপুনি কোনো নিৰ্দিষ্ট বস্তুৰ প্ৰতি থকা ফ’বিয়া মনৰ পৰা আঁতৰি যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here