পাইলচ– অতি যন্ত্ৰণাদায়ক ৰোগৰ ভিতৰত অন্যতম৷ সকলো বয়সৰ ব্যক্তিৰে এই ৰোগ হ’ব পাৰে৷ এই ৰোগ হ’লে মলদ্বাৰৰ সিৰা ফুলি উঠি মটৰমাহৰ আকৃতিৰ সৰু ফোঁহা হয়৷ প্ৰথম অৱস্থাত বিষ নহয় যদিও পাছলৈ এই বিষ বাঢ়ি গৈ অসহ্যকৰ হৈ উঠে৷ শৌচ টান হোৱাৰ লগতে শৌচৰ লগত তেজ পৰে৷ ইয়াক কেঁচুমুৰীয়া নামেৰেও জনা যায়৷ যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, বেছি মছলা দিয়া খাদ্য, শৰীৰত পানীৰ পৰিমাণ কমি গ’লেও এই ৰোগ হ’ব পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান ঘৰুৱা বিধান অৱলম্বন কৰিব পাৰি৷–
(১) মিঠা আমৰ ৰস আৰু মিঠা দৈৰ লগত আদাৰ ৰস মিহলাই খালে পাইলচ ভাল হয়৷
(২) এটা মূলা কাটি শৌচ দুৱাৰত বান্ধি পিছদিনা মূলাৰ ৰসেৰে মলদ্বাৰ ধুলে অৰ্শ ৰোগ ভাল হয়৷
(৩) পিঁয়াজ, ঘিউ, চেনি একেৰাহে কেইদিনমান খালে তেজ পৰা বন্ধ হয়৷
(৪) গুহ্যদ্বাৰ বাহিৰ হৈ আহিলে এৰী তেল একেৰাহে লগালে অৰ্শ শুকাই যায় আৰু বিষ নাইকিয়া হয়৷
(৫) কচুৰ ঠুৰ কণ জলকীয়াৰ সৈতে পাতত দি খালে সুফল পোৱা যায়৷
(৬) পকা বেল নিয়মীয়াকৈ খালেও উপশম পাব পাৰি৷
(৭) দুপৰ টেঙাৰ পাত খুন্দি শৌচদ্বাৰত প্ৰলেপ দিলেও সুফল পোৱা যায়৷
(৮) গৰমে গৰমে মাটিমাহ খালেও তেজ পৰা ভাল হয়৷