গাখীৰ-কণীতকৈও দহগুণ বেছি পুষ্টিৰ খনি এইবিধ পাউডাৰ

0
123

গাখীৰ বা কণীৰ বিকল্প হিচাপে শিশুক দিব পাৰে এইবিধ ঘৰুৱাভাৱে তৈয়াৰ কৰা পাউডাৰ৷ যাক কোৱা হয় পুুষ্টিৰ খনি বুলি৷ এইবিধ পাউডাৰ কণী তথা গাখীৰতকৈ দহ গুণ বেছি শক্তিশালী৷ আমি জানো যে গাখীৰৰ হ’ল পুুষ্টিৰ ভাণ্ডাৰ৷ সৰুৰ পৰা ডাঙৰলৈকে গাখীৰ খালে ভীষণ উপকাৰ পোৱা যায়৷ কিন্তু বিভিন্ন সময়ত কিছুসংখ্যক শিশুৱে গাখীৰ সেৱন কৰিলে এলাৰ্জি হ’ব পাৰে অথবা গাখীৰ সহজে হজম নহয়৷ কিছুমান শিশুৱে আকৌ গাখীৰৰ সোৱাদ পচন্দ নকৰে৷ ইয়াক লৈ প্ৰায়ভাগ অভিভাৱকৰ চিন্তাৰ কাৰণ হৈ পৰে শিশুটিক খাদ্যক লৈ৷ সেয়ে ইয়াৰ বিকল্প হিচাপে আয়ুৰ্বেদ চিকিৎসা মতে চজিনাৰ পাতৰ পাউডাৰ তৈয়াৰ কৰি খুৱাব পাৰে৷ অৱশ্যে নামটো শুনি নাক কোঁচালেও বা খোৱাৰ ইচ্ছা নহ’লেও এই পাউডাৰ শৰীৰৰ বাবে বিৰাট উপকাৰী৷ চজিনাৰ পাতৰ গুৰিত ভিটামিন, জিংক, মেগনেচিয়াম, পটাচিয়াম, ওমেগা থ্ৰী ফেটি এচিড, কেলচিয়াম, প্ৰ’টিন, ফেটি এচিড আদিৰ দৰে গুৰুত্বপূৰ্ণ উপাদান থাকে৷ সেইবাবে গাখীৰৰ এটা চমৎকাৰ বিকল্প হিচাপে চজিনাৰ পাত বিবেচনা কৰা হয়৷ শিশুৱে যদি গাখীৰ সেৱন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে তেনেহ’লে এচামুচ ড্ৰামষ্টিক পাউডাৰ পানীত মিহলাই খুৱাব পাৰে অথবা চবজিতো মিহলাই খুৱাব পাৰে৷ চজিনাৰ পাতৰ গুড়ি পুষ্টিৰে সমৃদ্ধ হোৱাৰ উপৰি শৰীৰৰ শক্তি যোগান ধৰাত সহায় কৰে৷ আনহাতে তেজত হিমগ্লবিন বঢ়োৱাত চজিনাৰ পাতে সহায় কৰে৷ চজিনাৰ পাতৰ গুড়িয়ে পুষ্টিৰ ঘাটনি পূৰণ কৰাৰ উপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত যথেষ্ট সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here