আপুনি জানেনে : পাণৰো আছে ঔষধি গুণ

0
163

নতুন তথা পুৰণি সকলো প্ৰজন্মৰ লোকে পাণ খাই ভাল পায়৷ কিন্তু এই কথা বহুতেই নাজানে যে পাণৰো ভালেমান ঔষধি গুণ আছে৷ আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে, পাণ খোৱাৰ প্ৰণালী সলনি কৰিলে ই দাঁতত চেকা নলগায় বা দাঁতৰ ক্ষতিও নকৰে, বৰং শক্তিশালীহে কৰিব৷ ইয়াৰ লগতে পাণেভালেমান ৰোগ নিৰাময়তো সহায় কৰে৷ পাণত প্ৰপেন, এলকেলাইডড, টেনিন আদি পোৱা যায়, যিবিলাক শৰীৰৰ কাৰণে উপকাৰী৷ ইয়াৰ লগতে পাণৰ প্ৰদাহ আৰু কেঞ্চাৰ-প্ৰতিৰোধী তথা এণ্টিঅক্সিডেণ্ট গুণো আছে৷ পাণে দাঁতৰ বিষ নিৰাময়ত সহায় কৰে৷ পুৱা-গধূলি পাণ চোবাই খালে দাঁতৰ কিছুমান সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷ ইয়াৰ লগতে পানী লগা, এলাৰ্জী, মূৰৰ বিষ তথা শৰীৰৰ কোনো পোৱা আঘাত বা প্ৰদাহ আদিৰ পৰা উপশম পোৱাত পাণে সহায় কৰে৷ পাণে বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে৷ পাণৰ লগত সামান্য চূণ মিহলাই খালেও উপকাৰ পোৱা যায় বুলি বিশেষজ্ঞসকলে কয়৷ ইয়াৰ কাৰণ হ’ল চূণত কেলচিয়াম থাকে৷ কিন্তু পাণ খয়েৰ, ধঁপাত বা চুপাৰিৰ লগত খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ যদিহে এইবিলাক নোহোৱাকৈ পাণ খোৱাৰ অভ্যাস কৰিব পাৰে তেতিয়া ই স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here