ডায়েটিচিয়ান টিপছ : বয়স অনুযায়ী দিনে কিমানখন ৰুটী খাব?

0
96

বয়স অনুযায়ী দৈনিক কিমানখনকৈ ৰুটী খোৱা উচিত, বিশেষকৈ ডায়েবেটিছ আক্ৰান্ত ৰোগীসকলে, এই সম্পৰ্কে কি কয় ডায়েটিচিয়ানে সেই বিষয়ে অলপ জানো আহক৷ বৰ্তমান সময়ত অভাৱনীয় ৰূপত মানুহ ডায়েবেটিছৰ চিকাৰ হৈছে৷ ইয়াৰ কাৰণ সম্পৰ্কে আজিৰ এই লেখাত বৰ্ণনা কৰা নাই যদিও প্ৰায়ভাগ ডায়েবেটিছত আক্ৰান্ত লোকে ডায়েট কৰিবলৈ ভাত খোৱাৰ পৰিৱৰ্তে ৰাতিৰ ভাগত ৰুটী খাবলৈ লয়৷ সেয়ে আজিৰ এই আলোচনা পুৰুষ বা মহিলা উভয়ৰে ক্ষেত্ৰত ৰাতি বা দিনৰ ভাগত ৰুটী খাওঁতে খাদ্য তালিকাত কিমানখন ৰুটী অন্তভুৰ্ক্ত কৰা উচিত৷ আচলতে ৰুটী কেলৰি তথা কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য৷ সেয়ে ৰাতি ৰুটী খাওঁতেও হজম হ’বলৈ বেছি সময়ৰ প্ৰয়োজন হয় কাৰণে ছুগাৰৰ মাত্ৰা বাঢ়ি যাব পাৰে৷ সেয়ে এটা নিৰ্দিষ্ট পৰিমাণেহে ৰাতি ৰুটী খোৱা ভাল৷ বিশেষজ্ঞই কোৱা মতে এখন ৰুটীত প্ৰায় ২০ গ্ৰাম কাৰ্বহাইড্ৰেট থাকে৷ অতএব, মহিলাসকলে লাঞ্চত দুখন আৰু ৰাতি দুখনকৈ ৰুটী কোৱা উচিত৷ আনহাতে পুৰুষৰ ক্ষেত্ৰত দিনৰ ভাগত তিনিখন আৰু ৰাতিৰ ভাগতো তিনিখনকৈ ৰুটী খোৱাৰ স্বাস্থ্যৰ পক্ষে ভাল৷ ইয়াৰ অন্যথা যদি বেছিকৈ খোৱা হয়, তেনেহ’লে খোৱাৰ পাছত অলপ খোজকঢ়া বা লৰা ঢপৰা কৰা গ্ৰহণযোগ্য কাম৷ কিয়নো এনেও ৰাতি খাদ্য হজম সহজে নহয়, তাতে যদি বেছি পৰিমাণে খোৱা হয় তেনেহ’লে স্বাস্থ্যৰক্ষাৰ বাবে সঠিক নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here