পানীৰ ৰং কি নীলা হয় নেকি? কেতিয়াও নহয়, এনে কথা কোনেও দেখাও নাই, শুনাও নাই৷ কিন্তু প্ৰকৃতিৰ অদ্ভুত নিয়ম অনুসৰি আকাশৰ পৰা পানীৰ ৰং নীলা দেখা যায়৷ বিশাল সমুদ্ৰ আৰু মহাসমুদ্ৰৰ কোনোবাৰ ৰং পাতল নীলা অথবা কোনোবাখনৰ ৰং ঈষৎ নীলা দেখি৷ মহাসাগৰৰ প্ৰকৃতিপ্ৰদত্ত স্বাভাৱিক ৰং সলনি হোৱা যেন পৰিলক্ষিত হৈছে৷ কিন্তু কোটি কোটি বছৰ ধৰি চলি অহা পৃথিৱীৰ এই নিয়মলৈ পৰিৱৰ্তন আহিছে৷ সমুদ্ৰৰ নীলা স্বাভাৱিক ৰং হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ ইয়াৰ বিপৰীতে সাগৰ, মহাসাগৰবোৰ সেউজীয়া ৰঙৰ হৈ উঠিছে৷ সম্প্ৰতি নাছাৰ এটা উপগ্ৰহই পঠোৱা আলোকচিত্ৰত এই কথা ধৰা পৰিছে৷ ইউৰোপীয় ইউনিয়নৰ কোপাৰনিকাছ ক্লাইমেট ছাৰ্ভিচৰ এটা ৰিপ’ৰ্টত এই কথা কোৱা হৈছে৷ এই ৰিপ’ৰ্টত কিয় মহাসাগৰৰ পানী সেউজীয়া হৈ উঠিছে জনা গৈেছ৷ বিজ্ঞানীয়ে পৰ্যবেক্ষণ কৰি জানিবলৈ দিছে যে পানীত থকা বিভিন্ন উদ্ভিদৰ শৰীৰত ক্লোৰোফিলৰ পৰিমাণ বাঢ়ি গৈছে৷ সমুদ্ৰত থকা গছবোৰক সাধাৰণভাৱে ফাইটোপ্লাংকটন বোলা হয়৷ এই ফাইটোপ্লাংকটনৰ গাত ক্লোৰোফিল বাঢ়ি পানীৰ ৰং লাহে লাহে সেউজীয়া ৰঙৰ হৈ পৰিছে৷ অৱশ্যে পানীৰ তলৰ বিভিন্ন উদ্ভিদ তথা গছৰ গাত ক্লোৰোফিল বাঢ়ি যোৱাৰ ঘটনা সহজে দেখা পোৱা নাযায়৷ বিজ্ঞানীয়ে কোৱা মতে পানীৰ ভিতৰভাগৰ উষ্ণতা দিনক দিনে বাঢ়ি গৈ আছে৷ ইয়াৰ বাবে প্ৰধানকৈ মানৱ সৃষ্ট প্ৰদূষণ তথা জলবায়ু পৰিৱৰ্তনে দায়ী৷ এইদৰে হোৱা প্ৰদূষণৰ কাৰণে উদ্ভিদবোৰৰ মাজত ক্লোৰোফিলৰ মাত্ৰা বাঢ়িছে খাদ্য সংশ্লেষণৰ কাৰণে৷ যাৰ ফলত পৰোক্ষভাৱে পানীৰ ৰম সলনি হৈ সেউজীয়া হৈছে৷ খালী চকুৰে এই ঘটনা দেখিবলৈ মুস্কিল যদিও উপগ্ৰহৰ চিত্ৰৰ পৰা ৰং সলনি স্পষ্টকৈ ধৰা পৰিছে৷ বিজ্ঞানীয়ে জনোৱা মতে উত্তৰ গোলাৰ্ধৰ ভূমধ্যসাগৰৰ পৰা ভাৰত মহাসাগৰৰ বিভিন্ন সাগৰৰ উদ্ভিদৰ দেহত ৫০-১০০ শতাংশ ক্লোৰোফিল বাঢ়ি গৈছে৷ যি এক বিপজ্জনক ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷