চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা পৃথিৱীলৈ আনিলে মাটি

0
151

চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা কিছুমান নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰি আহিল চীনৰ মহাকাশ নভোযান চাংই-৬৷ নভোযানখনে ২৫ জুনত স্থানীয় সময় দুই বাজি সাত মিনিটত পৃথিৱীত অৱতৰণ কৰে৷ চীনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ মাধ্যম চিচি টিভিয়ে জনায় যে চন্দ্ৰৰ দূৰতৰ অঞ্চল দক্ষিণ মেৰুৰ পৰা পৃথিৱীলৈ মাটি, শিলৰ নমুনা আনি ঘূৰি আহে৷ উল্লেখ্য যে বিগত তিনি মে’ত চীনৰ হাইনান প্ৰদেশৰ পৰা চাংই-৬ চন্দ্ৰ অভিযানৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিছিল৷ ইয়াৰ ঠিক এমাহ পাছত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থান কৰিছিল নভোযানখনে৷ চন্দ্ৰৰ এই বিশেষ অংশটোক লৈ বহুতো অজানা হৈ আছে৷ সেইবাবে নভোযানখনে এই অংশটোৰ পৰা নমুনা সংগ্ৰহ কৰিছে, যাতে এই অঞ্চলৰ বিভিন্ন তথ্য তথা নতুন কথা জানিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিজ্ঞানীয়ে এই অঞ্চলৰ পৰা দুই কিলোগ্ৰাম নমুনা অনাৰ পৰিকল্পনা কৰিছিল যদিও কিমান পৰিমাণৰ নমুনা সংগ্ৰহ কৰা হৈছে সেয়া অৱশ্যে জানিব পৰা হোৱা নাই৷ ধাৰণা কৰা হৈছে চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা এই নমুনাই খনিজৰ সন্ধান দিব পাৰে৷ আনকি চন্দ্ৰৰ ভূতাত্ত্বিক প্ৰকৃত বয়সো জানিব পৰা যাব এই নতুন নমুনাৰ পৰা৷ এই অভিযান সফল হোৱাৰ পাছত চীনৰ ৰাষ্ট্ৰপতি জিন পিঙে কৈছে যে এই মিছন সম্পন্ন কৰা মহাকাশ আৰু বৈজ্ঞানিক ক্ষমতাধৰ হিচাপে অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য কৃতিত্ব চীনে পাবলৈ সক্ষম হ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here