মহাবিশ্বৰ বিস্ফোৰণৰ ৰহস্য জানিবলৈ মহাকাশলৈ ছেটেলাইট

0
111

মহাবিশ্বৰ সকলোতকৈ শক্তিশালী বিস্ফোৰণৰ ৰহস্য জানিবলৈ যৌথভাৱে ছেটেলাইট বা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ পঠাইছে চীন আৰু ফ্ৰান্সে৷ চীনৰ জিচাঙত অৱস্থিত মহাকাশ কেন্দ্ৰৰ পৰা লং মাৰ্চ ২ নামৰ ৰকেটৰ সহায়ত স্পেচ ভেৰিয়েবল অবজেক্ট মনিটৰ ছেটেলাইট উৎক্ষেপণ কৰা হয়৷ উল্লেখ্য যে চীন আৰু ফ্ৰান্সৰ বিজ্ঞানীসকলে নিৰ্মাণ কৰা ছেটেলাইটটোত চাৰিটা যন্ত্ৰ আছে৷ পৃথিৱীৰ পৰা ৬২৫ কিলোমিটাৰ উচ্চতাৰ কক্ষপছত অৱস্থান কৰা ৯৩০ কিলোগ্ৰাম ওজনৰ ছেটেলাইটটোৰ জৰিয়তে মহাবিশ্বত গামা ৰশ্মি বিস্ফোৰণৰ কেন্দ্ৰৰ সন্ধান পোৱা যাব বুলি বিজ্ঞানীয়ে ধাৰণা কৰিছে৷ সাধাৰণতে বিশাল নক্ষত্ৰ বিস্ফোৰণৰ পাছত গামা ৰশ্মিৰ বিস্ফোৰণ ঘটে৷ এই বিস্ফোৰণ সূৰ্যতকৈ ২০ গুণ বেছি শক্তিশালী হয়৷ এই বিস্ফোৰণৰ কাৰণে উজ্জ্বল মহাজাগতিক পোহৰৰ সৃষ্টি হয়৷ আনহাতে মহাবিশ্বৰ ইতিহাস আৰু বিৱৰ্তনৰ বিষয়ে আৰু ভালদৰে জনাৰ কাৰণে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব এই ছেটেলাইটে৷ বিজ্ঞানীৰ তথ্য মতে নতুন ছেটেলাইটৰ জৰিয়তে বেছ কিছু ৰহস্য উন্মোচন হোৱাৰ সম্ভাৱনা আছে৷ যাৰ দ্বাৰা মহাবিশ্বৰ সকালোতকৈ দূৰৱৰ্তী গামা ৰে বাৰ্ষ্ট বা জিআৰবি বিস্ফোৰণ৷ উল্লেখ্য যে আজিপৰ্যন্ত চিনাক্ত হোৱা সকলোতকৈ দূৰৱৰ্তী বিস্ফোৰণটো বিগ বেংয়ৰ ৬৩ কোটি বছৰ পাৰ হৈছে৷ সেই সময়ত মহাবিশ্বই তাৰ শৈশৱ কালত অৱস্থান কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here