পাইলছৰ সমস্যা, কিডনীৰ পাথৰ গলাবলৈ এইবিধ শাক ধনন্বৰী

0
66

কিডনীত পাথৰ হোৱাৰ বিভিন্ন কাৰণ থাকে যদিও কম পৰিমাণে পানী সেৱন কৰাটো অন্যতম৷ পাথৰ হোৱাৰ পাছত ইয়াক বাহিৰ কৰিবৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়৷ কিন্তু অপৰেশ্যন নকৰিও ঘৰুৱাভাৱে এই উপায় অৱলম্বন কৰিলে প্ৰথমাৱস্থাত হোৱা কিডনীৰ পাথৰ বাহিৰ কৰিব পাৰি৷ আমাৰ চাৰিওফালে প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক ভেষজ পোৱা যায়৷ যিবোৰৰ উপকাৰিতাৰ বিষয়ে আমি জ্ঞাত নহয়৷ পাথৰৰ সমস্যা সমাধানৰ বাবে বিশেষ গুৰুত্ব আছে এই শাকবিধৰ৷ নাম পাতেগজা৷ আয়ুৰ্বেদ চিকিৎসাত এই পাতেগজাৰ বিশেষ গুৰুত্ব আছে৷ পাতেগজাক আয়ুৰ্বেদ শাস্ত্ৰত পাষাণ ভেদ বুলি জনা যায়৷ পাষাণ ভেদৰ অৰ্থ হ’ল পাথৰক ভেদ কৰাত সক্ষম৷ পাতেগজাৰ পাতে সহজে ০.৫ মি লিৰ পৰা ২.৫ মি লিপৰ্যন্ত পাথৰ শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে৷ ইয়াৰ আন এটা বিশেষত্ব হ’ল যে পাতেগজাৰ পাতৰ সোৱাদ অম্ল বা টেঙা প্ৰকৃতিৰ, যি পাকস্থলীৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰিব পাৰে৷ আনহাতে পাতেগাজৰ বিভিন্ন উপকাৰী গুণ আছে৷ অৰ্শ বা পাইলছৰ সমস্যা নিৰাময়ৰ বাবে পাতেগজাৰ পাত সাংঘাতিক কাৰ্যকৰী৷ উল্লেখ্য যে যিসকল লোকে বহুদিন ধৰি কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে, তেনে লোকৰ অৰ্শ বা পাইলছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি৷ এই ক্ষেত্ৰত ইয়াৰ পৰা মুক্তি পাবৰ বাবে পাতেগজাৰ পাতৰ ৰস উলিয়াই সেৱন কৰিলে উপকাৰ পোৱা যায়৷ অৱশ্যে এইধৰণৰ সমস্যাই গুৰুতৰ ৰূপ ল’লে চিকিৎসকৰ ততালিকে পৰামৰ্শ লোৱা জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here