ৰাতি দেৰিকৈ খোৱাৰ অভ্যাস আজিয়েই পৰিত্যাগ কৰক

0
122

গৱেষণা অনুসৰি জনা গৈছে যে আপুনি যদি প্ৰতিদিনে ৰাতি এটা নিৰ্দিষ্ট সময়ত খাদ্য গ্ৰহণ কৰে, তেন্তে ই স্বাস্থ্যকৰ জীৱনধাৰা প্ৰস্তুত কৰাত সহায় কৰে৷ প্ৰায় সকলোৱে বেছি ৰাতিলৈ খাদ্য খোৱাটো পচন্দ কৰে৷ দিনটোৰ ব্যস্ততাৰ পাছত ৰাতি পৰিয়ালৰ সৈতে একেলগে এসাঁজ তৃপ্তিৰে খাই আনন্দ লাভ কৰে৷ এনেদৰে খাদ্য গ্ৰহণৰ কৰি তৃপ্তি লভটো বাৰু ঠিকেই, কিন্তু আপুনি জনা উচিত যে ৰাতি দেৰিলৈকে খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে৷ গৱেষণাত পোৱা তথ্য অনুসৰি মানুহৰ দেহ ক্ষুধাৰ পীড়া প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট সময় অনুসৰণ কৰে৷ দিনৰ ভাগত এই প্ৰক্ৰিয়াটো সকলোতকৈ অনুভূত হয়৷ বিজ্ঞানীসকলৰ মতে যি খাদ্য খোৱা হয় বা খাদ্যৰ ধৰণ উভয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়৷ এটা সমীক্ষা মতে দেখা গৈছে যে সন্ধিয়া সময়ত খোৱাসকলে ৪০ শতাংশ কেলৰি গ্ৰহণ কৰে৷ ব্ৰেকফাষ্টৰ লগতে ডিনাৰো খাদ্য খোৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়৷ গভীৰ ৰাতি খাদ্য খালে আপোনাৰ ছাৰ্কেডিয়ান ৰিডমক অনুসৰণ নকৰে, ইয়াৰ বাবে শোৱাৰ কিছু ঘণ্টা আগেয়ে খাদ্য গ্ৰহণ কৰাটো উচিত৷ পুষ্টি বিশেষজ্ঞৰ মতে সময়মতে খোৱা-বোৱা কৰিলে স্বাস্থ্যৰ উন্নতি ঘটে৷ কাৰণ এয়ে আপোনাৰ অন্ত্ৰক সঠিকভাৱে আৰু সহজেই সক্ৰিয় কৰি ৰখাত সহায় কৰে৷ ৰাতি অত্যধিক খাদ্য খোৱা বা বেছি ৰাতিলৈ খাদ্য খোৱাৰ ফলত মেদবহুলতাৰ সমস্যা বা কাৰ্ডিঅ’মেটাবলিক ৰোগ হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তোলে৷ ৰাতি খোৱা আৰু শোৱাৰ সময়ৰ কমেও ২-৩ ঘণ্টাৰ ব্যৱধান ৰাখিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here