ফিটকিৰিৰ অবিশ্বাস্য শাৰীৰিক উপকাৰিতাৰ বিষয়ে জানো আহক

0
131

সাধাৰণতে খোৱাপানী পৰিশ্ৰুত কৰিবলৈ ফিটকিৰি ব্যৱহাৰ কৰা হয়৷ পানীত থকা বীজাণু দূৰ কৰিবলৈ এইদৰে পানীত ফিটকিৰি ব্যৱহাৰ কৰা হয়৷ আনহাতে দাড়ি কটাৰ সময়ত ক্ষতস্থানত পৰা সংক্ৰমণ নহ’বলৈ ফিটকিৰি ব্যৱহাৰ কৰা হয়৷ অৰ্থাৎ দাড়ি কটা কামত এণ্টিছেপটিক হিচাপে ফিটকিৰি ব্যৱহাৰ কৰা হয়৷ আনহাতে আয়ুৰ্বেদত ফিটকিৰি যথেষ্ট গুৰুত্ব আছে৷ এই উপাদানবিধৰ আৰু কি কি উপকাৰিতা আছে জানো আহক৷
গৰমৰ দিনত অতিৰিক্ত পৰিমাণে ঘমাৰ ফলত শৰীৰ ক্লান্ত হৈ পৰে৷ এই ক্লান্তি তথা অৱসাদ দূৰ কৰাৰ কাৰণে গা ধোৱাৰ সময়ত পানীত ফিটকিৰি মিহলাই লওক৷ আনহাতে শৰীৰচৰ্চা কৰাৰ সময়ত যদি পেশীৰ বিষ হয়, এই ক্ষেত্ৰত বেছ উপকাৰ সাধন কৰে ফিটকিৰিয়ে৷
আমি বহুতেই গৰমৰ দিনকেইটাত ঘামৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ বা ঢাকি ৰাখিবলৈ বটলে বটলে বজাৰৰ পৰা সুগন্ধি, পাৰফিউম কিনি ব্যৱহাৰ কৰো৷ এপইচাও খৰচ নকৰাকৈয়ে সহজে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ ইয়াৰ বাবে গা ধোৱাৰ সময়ত পানীখিনিত ফিটকিৰি মিহলাই লওক৷ আপোনাৰ ঘামৰ সমস্যা নিমিষতে দূৰ হ’ব৷ ঘামৰ দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়া নাশ কৰাত ফিটকিৰিৰ যথেষ্ট অৱদান আছে৷
বয়সৰ লগে লগে পেশী দুৰ্বল হৈ পৰে৷ ছালখন শোতোৰা পৰিবলৈ ধৰে, ছালৰ টান টান ভাব অনুভৱ হয়৷ এইধৰণৰ সমস্যা সমাধানৰ কাৰণে নিয়মিত ফিটকিৰি মিহলোৱা পানীৰে গা ধোৱাৰ অভ্যাস কৰক৷ ছালৰ ৰন্ধ্ৰবোৰ মুকলি বা পৰিষ্কাৰ কৰি ছালখনৰ সুস্থ, সবল কৰিবলৈ ফিটকিৰিয়ে অৰিহণা যোগায়৷
ফিটকিৰিত এণ্টি ইনফ্লমেটৰি উপাদান আছে, যিয়ে প্ৰদাহজনিত ব্যথা- বেদনা নিৰাময় কৰাত সহায় কৰে৷ ছালৰ এলাৰ্জি তথা ৰাশ্বজনিত আদি সমস্যাবোৰ নিৰাময় কৰে ফিটকিৰিয়ে৷
ফিটকিৰিয়ে প্ৰাকৃতিক এণ্টিছেপটিক হিচাপে কাম কৰে৷ শৰীৰৰ কোনো কটা-ছিঙা হ’লে ফিটকিৰিৰ পানীৰে ক্ষতস্থান ধুই দিলে বীজাণুমুক্ত হোৱাৰ লগতে ক্ষতস্থানৰ পৰা অতিৰিক্ত তেজ ওলোৱা বন্ধ হয়৷ ছালৰ কোনোধৰণৰ সংক্ৰমণ হ’লে ফিটকিৰি মিহলোৱা পানীৰে গা ধুলে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here