বিজ্ঞানীয়ে সমুদ্ৰৰ গভীৰতাত সন্ধান পালে আশ্চৰ্য জীৱৰ

0
85

সমুদ্ৰৰ গভীৰতাত যে কত ৰকমৰ প্ৰাণী আছে, তাৰ কোনো সীমা-সংখ্যা নাই৷ প্ৰায় প্ৰতিবছৰে বিজ্ঞানীয়ে কোনো নহয় কোনো নতুন প্ৰাণীৰ সন্ধান লাভ কৰে সমুদ্ৰপৃষ্ঠৰ তলত৷ তেনে এক নতুন প্ৰজাতিৰ প্ৰাণীৰ সন্ধান লাভ কৰিলে বিজ্ঞানীয়ে৷ যি প্ৰাণীবিধ দেখিবলৈ কেৰেলুৱা অথবা পঁইতাচোৰাৰ দৰে, কিন্তু গোটেই গাটো দেখাত কঠিন আৰু খাজ কটা, দেহৰ চাৰিওফালে ঠেংবিশিষ্ট ৷ এই প্ৰাণীবিধৰ এই অদ্ভুত ৰূপ দেখিলে গা শিয়ৰি উঠে৷ বিজ্ঞানীয়ে এই নতুন সমুদ্ৰ জীৱবিধৰ নাম দিছে ডাৰ্থ ৱেডাৰ৷ এই জীৱবিধ প্ৰথম দেখা গৈছিল মেক্সিকো উপসাগৰত৷ এই জীৱবিধক বৈজ্ঞানিক ভাষাত বেথিনোমাছ ইউকাটানেনছিছ বুলি কোৱা হয়৷ সমুদ্ৰৰ হাজাৰ ফুট তলত এই প্ৰাণীবিধৰ সন্ধান পোৱা হৈছে বুলি বিজ্ঞানীসকলে জানিবলৈ দিছে৷ তেওঁলোকে সদৰী কৰা মতে ডাৰ্থ ৱেডাৰৰ দেহৰ উপৰিভাগত ডাঠ এটা খোলা আছে৷ মূৰত এণ্টিনাৰ দৰে শুঁৰ আছে৷ এদল বিজ্ঞানীয়ে এই আশ্চৰ্য প্ৰজাতিৰ প্ৰাণীবিধক সমুদ্ৰ দানৱ বুলি অভিহিত কৰিছে৷ এই প্ৰাণীবিধ আইচোপোড গোত্ৰত বুলি বিজ্ঞানীসকলে সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here