ছুগাৰত ভোগাসকলে দিনে কিমানবাৰ খোৱা উচিত

0
88

ডায়েবেটিছ এবিধ খাদ্য তথা জীৱনধাৰা সম্পৰ্কিত ৰোগ৷ ডায়েবেটিছ হ’লে শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷ সঠিক জীৱনধাৰা আৰু স্বাস্থ্যসন্মত নিয়ম পালনৰ দ্বাৰাহে এই ৰোগ নিয়ন্ত্ৰণ কৰা সম্ভৱ৷ বিশেষকৈ ডায়েবেটিছত ভোগাসকলে খোৱা-বোৱাৰ ক্ষেত্ৰত অত্যধিক সাৱধানতা অৱলম্বন কৰা দৰকাৰ৷ ইয়াৰ কাৰণে কিছুমান বিষয় জনাটো জৰুৰী৷ জানো আহক ডায়েবেটিছ ৰোগীয়ে দিনত কিমানবাৰ খোৱা উচিত৷
এজন ব্যক্তিৰ কাৰণে গোটেই দিনটো উদ্যমী তথা সুস্থ-সবল হৈ থকাটো গুৰুত্বপূৰ্ণ কথা৷ ইয়াৰ বাবে ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ তথা শৰীৰৰ ভাৰসাম্য অটুট ৰাখিবলৈ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত বিশেষ নজৰ দিব লাগে৷ ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ প্ৰত্যেকজন মানুহে উচিত জীৱনযাত্ৰা তথা খাদ্যাভ্যাসত বিশেষ ধ্যান দিব লাগে, কিয়নো ডায়েবেটিছ হ’লে তেজত ছুগাৰৰ মাত্ৰা স্থিতিশীল নাথাকে৷ এই ক্ষেত্ৰত খোৱা-বোৱাত কিছু নিয়ম সলনি কৰিলেই পাব পাৰি দুৰ্দান্ত ফল৷ পুষ্টিবিদে জনোৱা অনুসৰি ডায়েবেটিছত আক্ৰান্তসকলে প্ৰথমে কাৰ্বহাইড্ৰেটজাতীয় খাদ্য কমাই দিয়া জৰুৰী তথা খাদ্য তালিকাত প্ৰ’টিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰা উচিত৷ যদি এজন ব্যক্তি প্ৰি-ডায়েবেটিছত আক্ৰান্ত হৈছে, তেন্তে তৎকালে চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰি-ডায়েবেটিছ অৱস্থা ভৱিষ্যতে ডায়েবেটিছ হিচাপে যাতে ৰূপান্তৰ নহয়, তালৈ ধ্যান দিব লাগে৷ ডায়েবেটিছ ৰোগীয়ে গোটা শস্য খোৱাৰ ওপৰত বিশেষ নজৰ দিব লাগে৷ কাৰণ এনেধৰণৰ খাদ্যত অত্যধিক পৰিমাণে ফাইবাৰ পোৱা যায়৷ ময়দা, চুজি তথা চেনিৰ দৰে পৰিশোধিত খাদ্য গ্ৰহণ কৰিলে শৰীৰত দ্ৰুত ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷ মনত ৰখা উচিত যে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত নাথাকিলে উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচলি, ফল-মূল তথা কম চৰ্বিযু্‌ক্ত দুগ্ধজাত খাদ্য খাব পাৰে৷ ইয়াৰ উপৰি ছুগাৰত ভোগাসকলে মাছ, কণী বা মুৰ্গীৰ মাংস উচিত মাত্ৰাত খোৱা ভাল৷ ডায়েবেটিছ ৰোগীয়ে প্ৰছেছৰ খাদ্য, জাংক ফুড, অতিৰিক্ত নিমখ খোৱা উচিত নহয়৷ মিঠাইজাতীয় খাদ্য, কেণ্ডি, জেলি, কুকিজ তথা ছ’ডাপানী, ছফ্‌ট ড্ৰিংকছ আদি সেৱনৰ পৰা আঁতৰি থকা উচিত৷ আপুনি যদি আমিষভোজী, তেনেহ’লে মাছ, কণী খাওক যদিও ৰেড মিট একেবাৰে এৰাই চলক৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে চৰ্বি থাকে৷ ফ্ৰোজেন ফল বাদ দিয়াৰ বিপৰীতে সেউজীয়া পাচলি, আন ফল খোৱা স্বাস্থ্যকৰ৷ টাইপ-২ ডায়েবেটিছত ভোগাসকলৰ বহুতৰে ওজন বৃদ্ধিৰ সমস্যা বাঢ়ে৷ তেনে ক্ষেত্ৰত লক্ষ্য ৰখা ভাল যে স্বাস্থ্যকৰ খাদ্য খোৱাৰ ওপৰত৷ ইয়াৰ উপৰি শাৰীৰিক শ্ৰম তথা শৰীৰচৰ্চা কৰাটো নিতান্তই প্ৰয়োজন৷ যাতে দ্ৰুত স্থূলতা কমি শৰীৰৰ এটা স্বাস্থ্যকৰ ওজন বৰ্তাই থাকে৷ ইয়াৰ অন্যথা এই ৰোগ নিয়ন্ত্ৰণৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱা অত্যন্ত জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here