ফ্ৰোজেন শোল্ডাৰত ভুগিছে ? লওক এই ঘৰুৱা টিপছ

0
216

একে ঠাইতে ঘণ্টা ঘণ্টা ধৰি বহি কাম কৰা, অথবা অতীতত ভঙা কান্ধৰ পৰা ফ্ৰোজেন শোল্ডাৰ হ’ব পাৰে৷ আজিকালি নৱপ্ৰজন্মৰ প্ৰায় ৭০ শতাংশ মানুহেই এই সমস্যাত ভুগিছে৷ ঘণ্টাৰ পাছত ঘণ্টা ধৰি অফিচৰ কামত ব্যস্ত থকাসকলে কান্ধৰ যি সমস্যাই দেখা দিয়ে, সেয়া আপাতদৃষ্টিত লগে লগে নুভুগিলেও ভৱিষ্যতে কিন্তু এইধৰণৰ সমস্যাই পুনৰ গা কৰি উঠা একো অস্বাভাৱিক নহয়৷ সেয়ে এই সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ এইকেইটা ব্যায়াম নিয়মিতভাৱে কৰাৰ চেষ্টা কৰক৷ এই ব্যায়ামে কান্ধ কৰি ৰাখিব ফ্লেক্সিবল৷
ফ্ৰোজেন শোল্ডাৰৰ পৰা হাত সাৰিবলৈ এইকেইটা ব্যায়াম কৰক৷
মুকলি ঠাইত এখন কঠ বা তেনেজাতীয় বস্ত পাৰি লৈ তল মূৰ কৰাৰ দৰে বাগৰি দিয়ক৷ দুই ভৰিৰ মাজত আঠ ইঞ্চিৰ ব্যৱধান ৰাখক৷ এতিয়া পেটৰ পৰা ওপৰৰ অংশতো লাহে লাহে ওপৰলৈ উঠাই দিয়ক৷ এনে কৰিলে হাত দুখন মাটিত পাৰি লৈ হেঁচা দিয়ক৷ লাহে লাহে মূৰটো ওপৰমুৱা কৰক৷ ইয়াৰ পাছত সেই ভংগীতে এখন ভৰি আৰু হাত লগ কৰাই পুনৰ আনখন ভৰি আৰু হাত লগ কৰাই দিব৷ ইয়াৰ পাছত মানুহজন সম্পূৰ্ণ থিয় হৈ লওক৷ হাত দুখন প্ৰণাম কৰা ভংগীত ৰাখি মানুহজন পিছফাললৈ লাহে লাহে হাউলি যাওক৷ অলপ লময় ৰৈ পুনৰ আগৰ স্থানলৈ আহক৷ এই সময়ত উশাহ নিশাহ স্বাভাৱিক ৰাখক৷
এইবাৰ মানুহজন থিয় হৈ ৰওক৷ দুই ভৰিৰ মাজত ছয় ইঞ্চিৰ ব্যৱধান ৰাখক৷ প্ৰথমে যিকোনো এখন হাত এবাৰ আগফালে আৰু এবাৰ পাছফালে পেণ্ডুলামৰ দৰে দুলিবলৈ দিয়ক৷ তাৰ পাছত আনখন হাতেৰেও এইদৰে ১০ মিনিটমান কৰক৷
আনহাতে আপুনি ঘৰৰ যিকোনো পকী বেৰৰ ওচৰত থিয় হৈ লওক৷ তাৰ পাছত হাত দুখনেৰে বেৰখনৰ যিমান দূৰ পাৰি পিয়ানো বচোৱাৰ দৰে কৰক৷ ইয়াৰ পাছত সম্ভৱ হ’লে হাত দুখনেৰে মাটিত ভৰ দি ভৰি দুখনেৰে বেৰৰ বগোৱাৰ দৰে তল ওপৰ কৰক৷
এইবাৰ মানুহজন বহাৰ ভংগীত থাকক৷ লাহে লাহে আগফালে হাউলি যাওক৷ এনে অৱস্থাত হাত দুখন আগফালে আগুৱাই দিব আৰু ভৰি দুখন পেটত সোমোৱাৰ দৰে কৰি মূৰটোও গুঁজি ধৰক৷ এইদৰে ১০ মিনিটমান সময় থাকক৷ পুনৰ একে ভংগীত থাকক৷
এই আসনটো কৰাৰ সময়ত প্ৰথমে মানুহজন পেট মাটিৰ পেলাই শোৱা ভংগীত থাকক৷ তাৰ পাছত হাত দুখনেৰে মূৰৰ হেঁচা মৰাৰ দৰে হাত আৰু ভৰি সমানে ওপৰলৈ তোলাৰ চেষ্টা কৰক৷ কিছু সময় এইদৰে থাকি আগৰ অৱস্থালৈ ঘূৰি যাওক আৰু একেধৰণেৰে এই আসনটো কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here