কোন হৰমনৰ কাৰণে মূৰত টক পৰে : ৰোধৰ উপায়

0
110

ল’ৰাই হওক বা ছোৱালীয়েই হওক চেহেৰাৰ সাৰ্বিক সৌন্দৰ্যৰ কাৰণে চুলিয়ে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ মূৰৰ চুলি পাতল, ঘন, চিল্কী, ৰুক্ষ বা শুকান আদি সকলো কথাই ব্যক্তিজনৰ চেহেৰাক নিয়ন্ত্ৰণ কৰে৷ চুলি সৰা আৰম্ভ হ’লে আমি সকলোৱে সেয়ে উদ্বিগ্ন হৈ উঠোঁ৷ চিন্তা হয় মূৰৰ চুলি আৰু নাথাকেই বুলি৷ ইয়াৰ মাজতে পুৰুষসকলৰ মাজত মূৰৰ যিকোনো অংশতো চুলি দ্ৰুতভাৱে উঠি গৈ টক পৰিবলৈ ধৰে৷ এই সমস্যাটোৱে বাৰুকৈয়ে চিন্তাত পেলায়৷ বিশেষকৈ ৩০-৩৫ বছৰৰ ভিতৰত মূৰৰ চুলি উঠি টক পৰে৷ চিকিৎসকে জনোৱা মতে পুৰুষৰ ক্ষেত্ৰত ডিএইচটি অৰ্থাৎ ডাই হাইড্ৰ’ টেষ্টোষ্টেৰনৰ মাত্ৰা বাঢ়ি গ’লে চুলি সৰা আৰম্ভ হয়৷ ডিএইচটি এটা পুৰুষৰ যৌন হৰমন, যি এণ্ড্ৰজেন মানে পৰিচিত৷ এই এণ্ড্ৰজেনৰ বিভিন্ন কামৰ ভিতৰত প্ৰধানতঃ ইয়ে পুৰুষৰ মাজত গৌণ যৌন বৈশিষ্ট্যৰ বিকাশত সহায় কৰে৷ পুৰুষৰ চুলিৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে৷ অতিৰিক্ত এণ্ড্ৰজেন থাকিলে পুৰুষৰ মুখত বা শৰীৰত বেছিকৈ চুলি গাজিব পাৰে৷ আনহাতে মূৰৰ চুলি সৰাৰ কাৰণ হ’ব পাৰে৷ ইয়াৰ লগতে ডিএইচটি নিম্ম মাত্ৰাত থাকিলেও পুৰুষৰ যৌন অংগৰ বিকাশত বাধা দিব পাৰে৷ সেয়ে ডিএইচটি নিয়ন্ত্ৰণ ৰাখিবলৈ চিকিৎসকে এণ্টি ডিএইচটি সংক্ৰান্ত ঔষধ খোৱাৰ বিধান দিয়ে৷ যাৰ বাবে চুলি সৰাৰ সমস্যাৰ পৰাও হাত সাৰি থাকিব পাৰি৷ ইয়াৰ উপৰি ভিটামিন-ডি, কোমোৰাৰ বীজ, গ্ৰীন টী, কেফেইন সমৃদ্ধ খাদ্যই পুৰুষৰ শৰীৰত ডিএইচটিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ খাদ্য তালিকাত এই্‌বাৰ ৰাখিলে মূৰত টক পৰাৰ সমস্যা হ্ৰাস কৰিব পাৰে৷ আনহাতে ডিএইচটিৰ উফৰি বংশগত কাৰণত পুৰুষৰ মাজত মূৰত টক পৰিব পাৰে৷ অপুষ্টিজনিত সমস্যা, চুলিৰ বৃদ্ধিৰ বাবে লগা ভিটামিনৰ অভাৱ আদিও ইয়াৰ কাৰণ হ’ব পাৰে৷ সেয়ে চুলিৰ এইধৰণৰ সমস্যাই দেখা দিলে চিকিৎসকৰ কাষ চপা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here