আমৰ গুটি পেলাই নিদিব : জানক ইয়াৰ উপকাৰিতা

0
79

আমি সাধাৰণতে যিকোনো ফল খাই ইয়াৰ বীজ বা গুটিবোৰ পেলাই দিওঁ৷ কিন্তু বেছিভাগ ফলৰ বীজৰ আছে ভাবিব নোৱৰা উপকাৰিতা৷ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকে ধৰি শৰীৰ সুস্থ তথা নিৰোগী কৰি ৰখাত সহায় কৰে৷ বৰ্তমান হৈছে আম, কঁঠালৰ বতৰ৷ এই সময়ছোৱাত আম, কঁঠাল, লিচু, পনিয়ল আদি বিভিন্ন ফলৰ সমাহাৰ ঘটে৷ আনহাতে গ্ৰীষ্মকালৰ ফল হিচাপে আমৰ জনপ্ৰিয়তা তুংগত৷ আম খাবলৈ সকলোৱে পচন্দ কৰে৷ সুস্বাদুৰে ভৰা বতৰৰ আম খাই ইয়াৰ গুটিটো পেলাই দিওঁ৷ কিন্তু এতিয়াৰ পৰা এইটো নকৰিব৷ অৰ্থাৎ আম খাই ইয়াৰ গুটিটো সংৰক্ষণ কৰি পাছত খোৱাৰ অভ্যাস কৰক, পাব আচৰিত লাভ৷ আমৰ বেৰি বা গুটিয়ে আমাৰ কিদৰে স্বাস্থ্যৰ উপকাৰ সাধন কৰে জানো আহক৷
আমৰ গুটিয়ে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰে৷
আমৰ গুটি খালে শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷
ওৱেচিটি বা অতিৰিক্ত ওজনৰ সমস্যা থাকিলে আমাৰ বীজৰ পাউডাৰ কৰি খালে সহজে সুফল পাব পাৰি৷ আমৰ গুটি ফেট বাৰ্ন কৰাত অত্যন্ত কাৰ্যকৰী৷
ডায়েৰিয়াত আক্ৰান্ত হ’লে আমৰ গুটি শুকাই গুৰি কৰি পানীৰ লগত মিহলাই খালে সুফল পাব পাৰি৷
আমাৰ গুটিয়ে ছালৰ খজুৱতিৰ সমস্যা নোহোৱা কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here