বিশ্বৰ সেৱা মিঠাইৰ তালিকাত ভাৰতৰ তিনিবিধ মিঠাইৰ স্থান

0
97

শেহতীয়াকৈ বিশ্বৰ সকলোতকৈ পচন্দৰ মিঠাইত এখন তালিকা প্ৰকাশ কৰা হয়৷ এই তালিকাত ভাৰতৰ তিনিবিধ মিঠাই স্থান লাভ কৰিছে৷ ভাৰতবৰ্ষ ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতি তথা ঐতিহ্যৰ উপৰি বিভিন্ন প্ৰকাৰৰ সোৱাদভৰা খাদ্যৰ বাবেও বিখ্যাত৷ কোৱা হয় যে ভাৰতীয়সকল অত্যন্ত ভোজনপ্ৰিয়৷ ভাৰতত এনে কিছুমান খাদ্য পোৱা যায়, যিবোৰ খাদ্য অকল দেশতে নহয়, বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এই খাদ্যবোৰৰ ভিতৰত দেশত কিছুমান মিঠাই তৈয়াৰ হয়, যিবোৰৰ সোৱাদ বিশ্ব বিখ্যাত তথা গোটেই বিশ্বতে সমাদৃত৷ এই বিষয় লৈ মিঠাইৰ ক্ষেত্ৰত বিশ্বৰ সকলোতকৈ বেছি পচন্দৰ এখন তালিকা প্ৰকাশিত হৈছে, য’ত তিনিবিধ ভাৰতীয় মিঠাই স্থান লাভ কৰিছে৷ স্বাদ এটলাছৰ দ্বাৰা প্ৰকাশিত বিশ্বৰ এই সেৱা মিঠাইৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিখ্যাত তথা সুস্বাদু মহীশূৰ পাক আৰু আন দুটা মিঠাইক এটলাছে সোৱাদৰ ক্ষেত্ৰত স্থান দিছে৷ মহীশূৰ পাকৰ উপৰি ফালুদা তথা কুলফি ফালুদাৰ দৰে মিঠাইয়ো এই তালিকাত স্থান অধিকাৰ কৰিছে৷ উল্লেখ্য যে এটলাছ এখন খাদ্য ভিত্তিক মেগাজিন, যিয়ে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ দ্বাৰা বিশ্বৰ ষ্ট্ৰিট ফুডৰ পৰ্যালোচনা তথা তালিকা প্ৰস্তুত কৰি আহিছে বহু বছৰ ধৰি৷ এটলাছৰ মচে মহীশূৰ পাকে এই তালিকাত ১৪ সংখ্যক স্থান লাভ কৰিছে৷ আনহাতে কুলফি তথা কুলফি ফালুদাই যথাক্ৰমে ১৮ সংখ্যক আৰু ৩২ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ প্ৰসংগক্ৰমে ইয়াৰ আগেয়ে কুলফি তথা কুলফি ফালুদা সেৱা হিমায়িত মিঠাইৰ তালিকাত অন্তৰ্ভুক্ত আছিল৷ ইয়াৰ পাছতেই বিশ্বৰ সেৱা ষ্ট্ৰিট ফুড মিঠাইৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিশ্বৰ সেৱা মিঠাইৰ তালিকাত প্ৰথম পাঁচ মিঠাইৰ স্থান দখল কৰা দেশ তথা মিঠাইবোৰ ক্ৰমে পৰ্তুগালৰ পেছলে ডি নাটাই প্ৰথম স্থান, দ্বিতীয় স্থানত আছে ইণ্ডোনেছিয়াৰ চোৰাবি মিষ্টি তথা তৃতীয় স্থানত আছে তুৰস্কৰ ডোনডুৰমা৷ দক্ষিণ কোৰিয়াৰ হটিওক চতুৰ্থ স্থানত থকাৰ বিপৰীতে থাইলেণ্ডৰ পা থং মিষ্টিয়ে পঞ্চম স্থান লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here