বাছত উঠিলেই বমিৰ ভাব হয় নেকি ? পৰিত্ৰাণৰ উপায়

0
125

বাছ, ট্ৰেইন অথবা বিমানত যাত্ৰা কিম্বা নৌকাবিহাৰ কৰিলে বহুতৰে গা বেয়া লগা, অথবা বমি বমি ভাব আহি যায়৷ আনকি বহুতেই বমিও কৰে এনেদৰে কৰা যাত্ৰাপথত৷ আনহাতে পাহাৰৰ একা-বেঁকা পথতো বাছ বা গাড়ীত যাত্ৰা কৰিলে এইধৰণৰ সমস্যাৰ সৃষ্টি হয়৷ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত যাক কোৱা হয় মোচন ছিকনেচ বুলি৷ কিছুমানৰ আকৌ দীৰ্ঘসময় ধৰি গাড়ী-মটৰ চলোৱাৰ ফলতো এইধৰণৰ সমস্য্যা হ’ব পাৰে৷ চিকিৎসকে জনোৱা মতে শৰীৰৰ বিভিন্ন অংগ বিভিন্ন ধৰণে গতি অনুভৱ কৰে৷ সেই সকলোবোৰ অংগৰ পৰা সংকেত ক্ষিপ্ৰগতিত মগজুলৈ গতি কৰে৷ শৰীৰৰ বিভিন্ন অংগৰ পৰা তৎক্ষণাৎ অহা বেলেগ বেলেগ সংকেতবোৰ মস্তিষ্কৰ স্নায়ুক প্ৰভাৱিত কৰে আৰু এই সংকেতবোৰ বুজি উঠাত পলম কৰে৷ অথাৰ্ৎ মগজুৱে সঠিক সিদ্ধান্ত দিয়াত ব্যৰ্থ হয় আৰু তেতিয়া গা বেয়া লগা, মূৰ বেয়া লগা, মূৰ ঘূৰোৱা, বমি বমি ভাব হোৱা আদি লক্ষণবোৰ দেখা দিয়ে৷ অৱশ্যে এই মোচন চিকনেচ নিয়ন্ত্ৰণ কৰিব পৰা যায়৷
মোচন চিকনেচ বা বাছ-মটৰত উলিয়েই বমি বমি ভাব হোৱাসকলে এই সমস্যা নহ’বলৈ কি কি কৰা উচিত জানো আহক৷
যিসকলে এইধৰণৰ সমস্যাত ভোগে, তেওঁলোকে বাছ বা গাড়ীত উঠাৰ সময়ত আগৰ ছীটত বহাৰ চেষ্টা কৰক৷ পিছৰ ফালে ছীটত নবহাই ভাল৷
বাছত উঠিয়েই বমি বমি ভাব হ’লে বা আন সমস্যা হ’লে বাছৰ খিৰিকী খুলি দিয়ক৷ যাতে বাহিৰৰ পৰা বতাহ ভিতৰত প্ৰৱেশ কৰিব পাৰে৷ এয়ে আপোনাৰ মন সতেজ কৰি ৰাখিব৷
গাড়ীত ভ্ৰমণৰ সময়ত নেমুৰ পাত, পানী আদি লগত ৰাখিব পাৰে৷ এইবোৰে সাময়িকভাৱে আপোনাক কিছু সকাহ দিব৷
যি দিশত গাড়ী চলিলে বা গতি কৰে, সেই দিশৰ ফালে মুখ দিব৷ বহুতৰে ওলোটাই বহিয়েও এই সমস্যাই দেখা দিব পাৰে৷
কোনো ভ্ৰমণ কৰাৰ সময়ত পেটভৰ্তি কৰি নোখোৱাই ভাল৷ বাছ বা গাড়ীত দূৰ ভ্ৰমণ কৰিলে লঘু আহাৰ গ্ৰহণ কৰা উচিত৷ আনহাতে খালী পেটেও ভ্ৰমণ কৰা উচিত নহয়৷
গাড়ী যাত্ৰা কৰোঁতে এনে সমস্যা থকাসকলে সদায় বমিৰ ঔষধ লগত ৰখা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here