চকু পৰিল নাছাৰ : মহাশূন্যত আজব নক্ষত্ৰপু্‌ঞ্জ

0
135

মহাশূন্যত প্ৰতিনিয়ত নজৰবন্দী কৰি আছে মহাকাশ গৱেষকে৷ বহু দূৰৈৰ মহাশূন্যত মুহূৰ্ততে কি ঘটনা সংঘটিত হৈ থাকে, তাৰ তথ্য সংগ্ৰহৰ বাবে সদা প্ৰস্তুত হৈ আছে বিজ্ঞানীয়ে৷ মহাকাশত পোৱা কিছু আজব কাণ্ড তথা ঘটনাই মহাকাশক লৈ কৌতূহলৰ সৃষ্টি কৰি আহিছে৷ এইদৰে নিৰীক্ষণত থাকোতে এনে এক আজব নক্ষত্ৰপুঞ্জ চকুত ধৰা পৰিছে নাছাৰ বিজ্ঞানীৰ৷ নাছাৰ অতিশক্তিধৰ হাবল স্পেচ টেলিস্কোপে মহাশূন্যৰ বহু গভীৰৰ পৰা তথ্য সংগ্ৰহ কৰি ইয়াৰ আলোকচিত্ৰ প্ৰেৰণ কৰে৷ এইদৰে গভীৰ মহাশূন্যত তথ্যৰ সন্ধান কৰি থকাৰ সময়তে শক্তিশালী এই টেলিস্কোপে এনে এটা নক্ষত্ৰপুঞ্জ দেখা পায়, যিয়ে বিজ্ঞানী মহলত কৌতূহলৰ সৃষ্টি কৰিছে৷ বিজ্ঞানীয়ে সদৰী কৰা মতে পৃথিৱীৰ পৰা ৫৭ মিলিয়ন আলোকবৰ্ষ দূৰৈত এই নক্ষত্ৰপুঞ্জ আছে৷ হাবল টেলিস্কোপে তোলা ছবিত এই নক্ষত্ৰপুঞ্জক ঢাকি থকা অৱস্থাত পোৱা গৈছে৷ অসংখ্য তৰাৰ সমষ্টিৰে গঠিত এই নক্ষত্ৰপুঞ্জ সৰ্পিল আকৃতিৰে গঠিত বুলি জানিবলৈ দিছে বিজ্ঞানীয়ে, যি সাধাৰণতে কোনো নক্ষত্ৰপুঞ্জৰ ক্ষেত্ৰত দেখা নাযায়৷ বিজ্ঞানীয়ে এই অদ্ভুত দেখা নক্ষত্ৰপুঞ্জৰ নাম দিয়া হৈছে এন ডি চি ৩০৫৯৷ এই নক্ষত্ৰপুঞ্জৰ আৱিষ্কাৰে নাছাৰ বিজ্ঞানীয়ে মহাশূন্যৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here