চিকেন খালে কলেষ্টৰেল বাঢ়ে নেকি? কি কয় পুষ্টিবিদে

0
133

আমাৰ মাজৰ বহুতেই চিকেন খোৱাৰ নামত পাগল৷ চিকেন অবিহনে যেন এসাঁজো ভাত পেটলৈ নাযায়৷ বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত দেখা যায় মাংস বুলি ক’লে কেৱল চিকেনহে বুজে৷ তেওঁলোকে চিকেন খাই খুব ভাল পায় আৰু প্ৰায় প্ৰতিসাঁজত ভাতৰ সৈতে চিকেন বিচাৰে৷ সাধাৰণ জনগণৰ ইমান চিকেনপ্ৰীতি কিন্তু একেবাৰেই পচন্দ নকৰে পুষ্টিবিদে৷ তেওঁলোকৰ কথাত– চিকেন অত্যন্ত উপকাৰী খাদ্য ঠিকেই, কিন্তু দৈনিক চিকেন খোৱা একেবাৰে উচিত নহয়৷ এই ভুল কৰিলে বাঢ়িব পাৰে কলেষ্টৰেলৰ সমস্যা৷ আনকি অত্যধিক পৰিমাণে চিকেন খোৱাৰ অভ্যাসে বঢ়াব পাৰে হাৰ্টৰ সমস্যাও৷ আৰু পুষ্টিবিদৰ এই কথা শুনাব পাছত চিকেন খোৱাৰ ক্ষেত্ৰত চিকেনপ্ৰেমীয়ে কিছু কথা ভাবিবলগীয়া হৈছে৷ তেওঁলোকে নিজকে প্ৰশ্ন কৰিছে সঁচাকৈয়ে অত্যধিক মাত্ৰাত চিকেন খোৱা স্বাস্থ্যকৰ নহয় নেকি? অত্যধিক চিকেন খোৱাটো স্বাস্থ্যসন্মত হয়নে, শুনো আহক পুষ্টিবিদ মুখেৰে৷
চিকেন হ’ল প্ৰ’টিনৰ ভাণ্ডাৰ৷ ইয়াৰ উপৰি এই মাংসত ভিটামিন বি-১২, কোলিন, জিংক, ট্ৰিপটোফেন, আইৰন, কপাৰৰ দৰে একাধিক শৰীৰৰ প্ৰয়োজনীয় উপাদান থাকে৷ এই সকলোবোৰ উপাদান শৰীৰৰ বিভিন্ন কামত সহায় কৰে৷ সেয়ে মাজে মাজে চিকেন খোৱা স্বাস্থ্য উপযোগী অভ্যাস, কিন্তু দৈনিক চিকেন খোৱাৰ ফলত এইবোৰ উপাদান শৰীৰে লগাতকৈ বেছি পৰিমাণে গ্ৰহণ কৰে৷ পুষ্টিবিদে জনোৱা মতে আমাৰ প্ৰত্যেকৰে শৰীৰত কলেষ্টৰেল আছে৷ কিন্তু স্বাভাৱিক মাত্ৰাতকৈ ইয়াৰ পৰিমাণ বাঢ়ি গ’লে ৰক্তনলীৰ ভিতৰত জমা হ’ব পাৰে৷ যাৰ ফলত হৃদৰোগে দেখা দিয়ে৷ আনহাতে চিকেনত কম পৰিমাণে কলেষ্টৰেল থাকে৷ নিৰ্দিষ্টকৈ জানিব পৰা মতে ১০০ গ্ৰাম চিকেনত ৭৮ মিলিগ্ৰামকৈ কলেষ্টৰেল পোৱা যায় আৰু এই সামান্য কলেষ্টৰেলৰ পৰিমাণে শৰীৰৰ কোনো ক্ষতি নকৰে৷ সেয়ে চিকেন খালে কলেষ্টৰেলৰ মাত্ৰা বঢ়াৰ ধাৰণাৰ কোনো বিজ্ঞানভিত্তিক কাৰণ নাই৷ অৱশ্যে বহুতেই আকৌ চিকেন বেলেগ পদ্ধতিৰে বনাই খোৱাৰ অভ্যাস কৰে৷ এইদৰে চিকেন বনাওঁতে ঘি, মাখন, বাটাৰ আদি মিহলাই বনায়৷ এইদৰে বনালে ব্যঞ্জনখনৰ সোৱাদ হয় ঠিকেই, কিন্তু পুষ্টিগুণৰ পৰিমাণে যথেষ্ট হ্ৰাস পায়৷ আনকি এইদৰে ৰন্ধা চিকেন নিয়মিতভাৱে খালে কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি যোৱাৰ আশংকা থাকে৷ সেয়ে ভুলতো এইসমূহ সামগ্ৰী এইদৰে মিহলাই খোৱা উচিত নহয়৷ তাৰ পৰিৱৰ্তে একেবাৰে সাধাৰণ পদ্ধতিৰে মুৰ্গীৰ মাংসৰ চুপ বা আঞ্জা বনাই খালে যথেষ্ট উপকাৰ পোৱা যায়৷ আনহাতে প্ৰতিদিনে মুৰ্গীৰ মাংস খোৱাৰ কোনো প্ৰয়োজন নাই৷ সপ্তাহত দুই তিনিদিন খালেই স্বাস্থ্যকৰ শৰীৰ পাবলৈ যথেষ্ট৷ এই ক্ষেত্ৰত এজন সুস্থ মানুহে দৈনিক ১৫০ গ্ৰাম চিকেন খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here