বাৰিষা সাপৰ উপদ্ৰৱ কমাবলৈ এইকেইটা টিপছ

0
155

বাৰিষা আৰম্ভ হ’ল মানেই সাপৰ উপদ্ৰৱ বা আতংক আৰম্ভ হ’ল৷ বাৰীয়ে, ঘৰে, ৰাস্তাই, পদূলিয়ে যেতিয়াই তেতিয়াই সাপ দেখা যায় এইকেইটা দিনত৷ আমি জানো যে সাপ অতি বিষাক্ত প্ৰাণী৷ এবাৰ সাপে খুঁটিলে মানুহ বজোৱাটো কঠিন হৈ পৰে৷ আনহাতে বছৰি সাপে কামোৰাৰ ফলত বহু মানুহৰ মৃত্যু হোৱাৰ খবৰ পোৱা যায়৷ গতিকে সাপ দেখিলে আতংকিত নহৈ নিৰাপদে আঁতৰি যোৱাটো উত্তম পন্থা৷ এই দিনকেইটাত সাপৰ পৰা দূৰত্ব বজাই ৰখা নিতান্তই প্ৰয়োজন৷ আনহাতে হঠাতে সাপ দেখিলেই ভয় খোৱাৰ পৰিৱৰ্তে ইয়াক কিদৰে সেই ঠাইৰ পৰা আঁতৰ কৰিব পাৰে তাৰহে দিহা কৰিব লাগে৷ জানো আহক সাপ নিৰাপদে খেদাৰ কেইটামান টিপছ৷
কীটনাশক, কাৰ্বলিক এচিড ব্যৱহাৰ কৰি সাপ নিৰাপদে আঁতৰাই পঠাব পাৰি৷ ঘৰৰ আশে-পাশে কাৰ্বলিক এচিড ছটিয়াই দিলে সাপৰ অহা-যোৱা কমে, অৰ্থাৎ কাৰ্বলিক এচিড ছটিওৱা ঠাইলৈ সাপে আৰু কেতিয়াও নাহে৷ আনহাতে ছালফাৰৰ গুৰি ছটিয়ায়ো সাপ খেদিব পাৰি৷ ছালফাৰ গুৰি পানীত মিহলাই ঘৰৰ চৌহদ, ৰাস্তা, পদূলি বাৰীৰ অংশত ছটিয়াই দিয়ে সাপে নিমিষতে সেই স্থান ত্যাগ কৰে৷ নহৰু পিচি লৈ তাত কোনো তেল মিহলাই ঘৰৰ চৌপাশ, বাৰী আদিত স্প্ৰে’ কৰিলে সাপ আঁতৰি যায়৷ কাৰ্বলিক এচিডৰ পৰিৱৰ্তে নেপথলিন গুৰি কৰি পানীত ঘৰৰ কাষে কাষে ছটিয়াই দিলে সাপে সেই ঠাইলৈ নাহে৷ আনহাতে বাৰীত চৌদিশ, ঘৰৰ কাষ, বাগিচাৰ সীমা আদিত ব্লিচিং পাউডাৰ ছটিয়াই দিলে সেই ঠাইৰ পৰা সাপে সহজে আঁতৰি যায় আৰু কেতিয়াও নাহে৷ ঘৰৰ চৌহদৰ যিবোৰ ঠাইত পানী সহজে জমা হয় তাত ভিনেগাৰ ছটিয়াই দিব পাৰে৷ অথবা ফেনাইল মিহলি পানী ছটিয়াই দিব পাৰি৷ এনে কৰিলে সাপৰ আতংকৰ পৰা মুক্তি পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here