আপুনি সাংঘাতিক ভোকত আছে নেকি : তেনেহ’লে এইবোৰ নাখাব

0
57

আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত প্ৰায়ভাগ লোকৰে পুৱাৰ খাদ্য খাবলৈ সময় নাথাকে৷ এনে ক্ষেত্ৰত দুপৰীয়াৰ সময়ত যেতিয়া অত্যধিক ভোক লাগে, তেতিয়া তেওঁলোকে এনেকুৱা কিছুমান খাদ্য গ্ৰহণ কৰে, যাৰ ফলত তেওঁলোকৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰে৷ এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে জাংক ফুড খোৱাৰ ফলত শৰীৰত বিৰূপ প্ৰভাৱ পৰে৷ নি(য়, কিন্তু জাংক ফুডৰ সৈতে আন কিছুমান সুষম খাদ্যও আছে, যাক খালী পেটত খোৱাৰ ফলত আপোনাৰ ডায়েৰিয়া, বমি, ফুড পয়জনিং আদি হ’ব পাৰে৷ গতিকে অত্যধিক ভোক লাগিলে খালী পেটত নিম্নলিখিত বস্তুসমূহ নাখাব৷
আমি প্ৰায়ে শুনি আহিছোঁ যে সেউজীয়া কেঁচা শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে৷ কিন্তু অত্যধিক ভোকত কেঁচা পাচলি সেৱন কৰিলে গেছ, এচিডিটি, বদহজম আদিৰ দৰে সমস্যাত ভুগিব লগা হয়৷
কেঁচা পাচলিৰ দৰে অত্যধিক ভোকত খালী পেটে ফল-মূলো খাব নালাগে৷ খালী পেটত ফল খালে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে৷ আকৌ ফল খোৱাৰ আধা ঘণ্টাৰ মূৰত তেজত শৰ্কৰাৰ পৰিমাণ কমিবলৈ ধৰে৷ গতিকে অত্যধিক ভোকত ফল নোখোৱাটোৱে শ্ৰেয়৷
প্ৰায় সকলো মানুহে চাহ বা কফি খালী পেটতে সেৱন কৰে৷ সকলোৰে ধাৰণা যে ভোকত চাহ একাপ খালে শৰীৰটোৱে সতেজ অনুভৱ কৰে, কিন্তু অত্যধিক ভোকত একো নোখোৱাকৈ চাহ সেৱন কৰিলে শৰীৰত হাইড্ৰ’ক্লৰিক এচিড উৎপন্ন হ’বলৈ ধৰে, যিয়ে আপোনাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷
বহুত লোকৰে অভ্যাস আছে যে ভোক লাগিলে দোকানত সহজে উপলব্ধ চিপছৰ পেকেট এটা খুলি লয়৷ এনেও চিপছ শৰীৰৰ কাৰণে ভাল নহয়, তাতে আকৌ খালী পেটত খোৱাৰ ফলত পাচন প্ৰক্ৰিয়াত ই প্ৰভাৱিত কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here