মাছ খোৱাৰ অভ্যাসে ষ্ট্ৰ’কৰ পৰা বচাব পাৰে

0
152

মাছ আমিষভোজী লোকৰ বাবে এবিধ প্ৰিয় খাদ্য৷ অতি সহজে পোৱা মাছৰ পৰা সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়৷ মাছ স্বাস্থ্য বাবে উপকাৰী৷ মাছত অতি উচ্চ মানৰ প্ৰ’টিন, ভিটামিন, এণ্টিঅক্সিডেণ্ট, খনিজ লৱণ আৰু বিভিন্ন পোষক দ্ৰব্য পোৱা যায়৷ যিয়ে আমাৰ শৰীৰটোৰ বাবে লাগতিয়াল৷ মাছ খালে হোৱা উপকাৰসমূহ কি জানো আহক৷
মাছ সেৱনে আমাৰ ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে৷ মাছত থকা এণ্টিঅক্সিডেণ্ট আৰু ওমেগা ৩ ফেটি এচিডৰ বাবে ষ্ট্ৰ’’ক হোৱাৰ সম্ভাৱনা ১৫ শতাংশ হ্ৰাস পায়৷
মাছত প্ৰচুৰ পৰিমাণে ভিটামিন-ডি পোৱা যায়৷ এই ভিটামিন-ডি এ টোপনিৰ মান উন্নত কৰাত সহায় কৰে৷ সেয়েহে আমাৰ টোপনিৰ সমস্যা দূৰ হয়৷
মাছত ডি এইচ এৰ লগতে ওমেগা ৩ ফেটি এচিড যথেষ্ট পৰিমাণে পোৱা যায়৷ এই ডি এইচ এ-এ শিশুৰ মগজু বিকাশত সহায় কৰে৷ ইয়াৰ লগতে চকুৰ দৃষ্টিশক্তি মজবুত কৰি ৰাখে৷
ডায়েবেটিছ ৰোগীৰ বাবে মাছ অতিকে উপকাৰী৷ কিয়নো মাছত থকা এণ্টিঅক্সিডেণ্ট, ওমেগা ৩ ফেটি এচিডে ইনছুলিন হৰমন ক্ষৰণ কৰা অগ্নাশয় গ্ৰন্থিৰ কোষবোৰক সতেজ কৰি হৰমন ক্ষৰণ তড়িৎ কৰিব পাৰে৷
গাঁঠিৰ বিষ নিৰাময়ৰ বাবে মাছ খোৱা লাভজনক৷ তদুপৰি মাছ সেৱনে শিশুৰ হাঁপানি ৰোগ প্ৰতিৰোধ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here