GMCH-ৰ সাফল্য : ব্ৰেইন ডে’ড ব্যক্তিৰ অংগৰে ৰোগীক জীৱন দান

0
85

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আঠ জুনত ব্ৰেইন ডে’ড হৈ মৃত্যু হোৱা এজন ৰোগীৰ অংগৰে জীৱনদান কৰা হ’ল দুজন ৰোগীক৷ ব্ৰেইন ডে’ড হৈ মৃত্যু হোৱা ৰোগীজনৰ দুটা বৃক্ক দুজন ৰোগীৰ দেহত সংৰোপণ কৰি তেওঁলোকক নতুন জীৱন দান কৰা হয়৷ জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই এই কথা জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয় যে ব্ৰেইন ডে’ড হৈ মৃত্যু হোৱা ৰোগীৰ অংগদানেৰে আন ৰোগীক জীয়াই তোলা এইটো চিকিৎসালয়খনত দ্বিতীয়বাৰৰ বাবে হৈছে৷ উল্লেখ্য যে যোৱা আঠ জুনত মৃত্যু হোৱা ৫৫ বছৰীয়া লোকজনৰ এটা বৃক্ক সংৰোপণ কৰা হয় এগৰাকী ২৫ বছৰীয়া ৰোগীৰ দেহত আৰু আনটো বৃক্ক সংৰোপণ কৰা হয় এগৰাকী ৩৯ বছৰীয়া ৰোগীৰ দেহত৷ জি এম চি এইচৰ অধ্যক্ষ ডাঃ বৈশ্যই জানিবলৈ দিয়া অনুসৰি ব্ৰেইন ডে’ড হৈ মৃত্যু হোৱা ৰোগীৰ অংগৰে বেলেগ ৰোগীক জীয়াই তুলিব পাৰি৷ কিন্তু জি এম চি এইচত এই কাৰ্য একমাত্ৰ সম্ভৱ হ’ল মৃত্যু হোৱা ৰোগীজনৰ পৰিয়ালৰ সজাগতাৰ বাবেহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here