সাৱধান : ভয়াৱহ তথ্য কেঞ্চাৰৰ হট্‌স্পট অসম

0
165

কৰ্কট ৰোগৰ হট্‌স্পটত পৰিণত হৈছে অসম৷ কেঞ্চাৰ ৰোগত প্ৰতিদিনে ৰাজ্যখনত গড়ে ১১২ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে দৈনিক গড়ে মৃত্যু ঘটিছে ৬৬ জন লোকৰ৷ প্ৰতিবছৰে ভয়ংকৰ ৰূপত বৃদ্ধি পাই যোৱা এই মাৰাত্মক ৰোগবিধত যোৱা পাঁচ বছৰত ৰাজ্যখনত আক্ৰান্ত হৈছে এক লাখ ৯৪ হাজাৰ ১৭৬ জন লোক আৰু মৃত্যুমুখত পৰিছে এক লাখ ১৪ হাজাৰ ১৬৯ জন লোকৰ৷ এই তথ্য প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে৷ এই তথ্যই ৰাজ্যবাসীৰ বাবে অতি উদ্বেগজনক হিচাপে বিবেচিত হৈছে৷ কিয়নো প্ৰতিবছৰে কেঞ্চাৰত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে, একেদৰেই এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যাও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা বিস্তৃত তথ্য অনুসৰি অসমত ২০১৯ চনত ৩৬৯৪৮ জন, ২০২০ চনত ৩৭৮৮০ জন, ২০২১ চনত ৩৮৮৩৪ জন, ২০২২ চনত ৩৯৭৮৭ জন, ২০২৩ চনত ৪০৭২১ জন লোক কেঞ্চাৰত আক্ৰান্ত হৈছে৷ ঠিক একেদৰে অভাৱনীয়ভাৱে এই ৰোগত বহু লোকৰ মৃত্যু ঘটিছে৷ উল্লেখ্য যে অসমত পুৰুষসকলৰ মুখ, খাদ্যনলী, হাঁওফাঁওত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে মহিলাসকলৰ ক্ষেত্ৰত অধিকাংশৰেই স্তন আৰু জৰায়ুত আক্ৰান্ত হয়৷ বিশেষজ্ঞসকলৰ মতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱন, মদ্যপান তথা খাদ্যাভ্যাসৰ বাবে অধিক লোক এই ৰোগত আক্ৰান্ত হয়৷ অসমৰ কৰ্কট ৰোগত আক্ৰান্ত লোকৰ ভিতৰত ৪৮ শতাংশই ধঁপাত সেৱনৰ ফলত হয়৷ আনকি কৰ্কট ৰোগত আক্ৰান্ত লোকৰ ৰাষ্ট্ৰীয় গড়তকৈ অসমৰ গড় বহু বেছি৷ এনে অৱস্থাত ৰাজ্য চৰকাৰে আৰু অধিক উন্নত চিকিৎসা তথা ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ভৱিষ্যতে এই ৰোগত আক্ৰান্তৰ সংখ্যা কমিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here