কেশৰ তিওৱা পানী খাওক : ভাবিব নোৱাৰিব লাভালাভ

0
112

পুষ্টিবিদে কোৱা মতে কেশৰৰ বিশেষত্ব হ’ল ইয়াৰ ৰং৷ ৰন্ধনত কেশৰ দিলে ইয়াৰ সোৱাদেই সুকীয়া হয়৷ কেশৰৰ পুষ্টিগুণ জানিলে আপুনি হয়তো আচৰিত হৈ পৰিব৷ স্মৃতিশক্তি বৃদ্ধি কৰাত কেশৰ অত্যন্ত উপকাৰী৷ ইয়াত প্ৰচুৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়, ইয়াত থকা ক্ৰোচিন আৰু ক্ৰোচিটিন নামৰ এণ্টিঅক্সিডেণ্টে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ আপুনি যদি অত্যন্ত মানসিক অৱসানগ্ৰস্ত হৈ আছে, কেশৰ মিহলি পানী সেৱন কৰিলে নিমিষতে দূৰ হ’ব৷ ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত কেশৰ কাৰ্যকৰী৷ ইয়াৰ বাবে গৰম গাখীৰৰ সৈতে কেশৰ মিহলাই খাব পাৰে৷ অকল সোৱাদৰ বাবেই নহয় ইয়াৰ গোন্ধ আৰু ৰঙে কেশৰৰ চাহিদা প্ৰকাশ কৰে৷ কাশ্মীৰৰ দুৰ্গম পাৰ্বত্য অঞ্চলত এই বিশেষ ফুলবিধ হয়৷ আৱহাৱা তথা বতৰ সঠিকভাৱে নাথাকিলে কেশৰৰ উৎপাদন ভাল নহয় বা কম পৰিমাণে ফচল হোৱা হেতু ইয়াৰ চাহিদা অত্যধিক বেছি হয়৷ গোটেই ৰাতি পানীত কেশৰ তিয়াই ৰাখি পুৱাই খালী পেটে সেৱন কৰিলে পাব আচৰিত লাভ৷
মহিলাসকলৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ সময়ত বহুতৰে অসহ্য বিষ, যন্ত্ৰণা অনুভৱ হয়৷ এই ক্ষেত্ৰত কেশৰ তিওৱা পানী সেৱন কৰিলে আৰাম পাব পাৰে৷ আনহাতে শৰীৰত হৰমনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এই পানীয় অত্যন্ত উপকাৰী৷
কেশৰত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ আনহাতে কেশৰ মিহলি পানীয়ে ছালখনত হাইড্ৰেট ৰখাত সহায় কৰে৷ ছালৰ অনুজ্জ্বলতা তথা ৰুক্ষতা আদি এই পানীয় সেৱন কৰিলে ঘূৰি আহে৷ ব্ৰুন বা ছালৰ অন্যান্য সমস্যাৰ পৰা সকাহ দিয়াত কেশৰ তিওৱা পানী সেৱন কৰিলে সুফল পাব পাৰি৷
কেশৰ হ’ল ক্ৰোচিন, ছাফৰানেল তথা পিক্ৰোক্ৰোচিনৰ দৰে এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ এবিধ শক্তিশালী উৎস৷ যিয়ে অনিদ্ৰাৰ দৰে স্বাস্থ্যজনিত সমস্যাবোৰ নিৰাময় কৰিব পাৰে৷
আনহাতে কেশৰে শৰীৰৰ বিপাক ক্ৰিয়া বঢ়ায় আৰু বিপাক ক্ৰিয়া বাঢ়িলে শৰীৰত মেদ বা চৰ্বি কমকৈ জমা হয়৷ সেয়ে শৰীৰৰ ওজন কমাবলৈ বিচাৰিলে নিয়িমতভাৱে পানীত তিওৱা কেশৰ খোৱাৰ অভ্যাস কৰক৷
ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা বা দৃষ্টিশক্তি উন্নত কৰিবলৈ পানীত তিয়াই থোৱা কেশৰ খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here