শৰীৰৰ কোনো ৰোগৰ সংক্ৰমণৰ আগতে ইয়াৰ উপসৰ্গ তথা লক্ষণবোৰৰ পৰাই বুজা যায়৷ অৱশ্যে সকলো ৰোগৰ ক্ষেত্ৰতে এইটো সম্ভৱ নহয়৷ বিভিন্ন সময়ত শৰীৰত ৰোগৰ সৃষ্টি হোৱাৰ বহু পলমকৈহে ইয়াৰ লক্ষণবোৰ ধৰা পৰে৷ ৰোগ ধৰা পৰাৰ পাছতহে ইয়াৰ পৰীক্ষা-নিৰীক্ষাবোৰ কৰা হয়৷ ইউ এছ জিৰ পৰা আৰম্ভ কৰি শৌচ-প্ৰস্ৰাৱৰ পৰীক্ষা, এক্সৰে’ আদি পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ণয় সম্ভৱ হৈ উঠে৷ ইয়াৰ উপৰি ছুগাৰৰ পৰা আৰম্ভ কৰি কলেষ্টৰেল, ইউৰিক এচিডৰ দৰে উপাদানবোৰ পৰিমাণ জানিবলৈ কিছুমান তেজৰ পৰীক্ষা কৰা হয়৷ আপুনি জনা উচিত যে এনে বহু তেজৰ পৰীক্ষা আছে, যিবোৰ পৰীক্ষা ৰোগ থাকক বা নাথাকক বছৰত এবাৰ কৰাটো নিতান্তই প্ৰয়োজন৷ যাৰ জৰিয়তে শৰীৰৰ সক্ষমতা তথা সুস্থতাৰ কথা জানিব পৰা যায়৷ সেয়ে ৰোগ নাথাকিলেও বছৰত এবাৰ এইবোৰ পৰীক্ষা কৰক৷
তেজৰ লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা তথা প্লেটলেট কিমান পৰিমাণৰ আছে, তাৰ বাবে চি বি চি বা কমপ্লিট ব্লাড কাউণ্ট টেষ্ট কৰাটো জৰুৰী৷ তেজৰ কোনোধৰণৰ সংক্ৰমণ হ’লে এই পৰীক্ষাৰ দ্বাৰা জানিব পাৰি৷
আজিকালি কলেষ্টৰেলৰ সমস্যা ঘৰে ঘৰে পোৱা যায়৷ সেয়ে শৰীৰত কলেষ্টৰেল কিমান বাঢ়িছে তাক জনাৰ বাবে লিপিড প্ৰফাইল টেষ্ট কৰা জৰুৰী৷ আপুনি যদি প্ৰতিবছৰে তেজৰ এই পৰীক্ষা কৰে, তেনেহ’লে কলেষ্টৰেলৰ বঢ়াৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰে৷
ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি থাকিলে সেয়া সহজে ধৰা নপৰে৷ কিয়নো কোনো ধৰণৰ লক্ষণ দেখা নিদিয়কৈয়ে ব্লাড ছুগাৰৰ সমস্যা শৰীৰত প্ৰৱেশ কৰে৷ সেয়ে আপুনি সু্স্থ বুলি ভাবিলেও প্ৰতিবছৰে অন্ততঃ এবাৰ ব্লাড ছুগাৰৰ পৰীক্ষা কৰাই লওক৷
বিপাকীয় হাৰ বজাই ৰখাৰ পৰা আৰম্ভ কৰি ইমিউনিটি ছিষ্টেম উন্নত কৰাত থাইৰয়েড হৰমন জৰুৰী৷ এই হৰমনৰ পৰিমাণ বাঢ়ি গ’লে বা কমি গ’লে শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে৷ ওজন বঢ়াকে ধৰি নম-মেজাজস বেয়া হোৱা আদি একাধিক সমস্যাই দেখা দিব পাৰে৷ সেয়ে প্ৰতিবছৰে থাইৰয়েড হৰমনৰ মাত্ৰা জনাৰ বাবে তেজ পৰীক্ষা কৰাই লওক৷
দেহত ছডিয়াম, পটাচিয়াম, ক্লৰাইড, বাইকাৰ্বনেট, ক্ৰিয়েটিনিন, নাইট্ৰজেন, বিলিৰুবিন, ওলবুমিন, প্ৰটিনৰ দৰে উপাদানবোৰ সঠিক পৰিমাণে আছে নে নাই তাক জনাৰ বাবে বছৰত এবাৰ চি এম চি তেজৰ পৰীক্ষা কৰা অতি জৰুৰী৷