দাম্পত্য কন্দলে সন্তানৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়

0
93

দাম্পত্য জীৱনত সৰু-সুৰা খুঁত-খাত সকলোৰে ক্ষেত্ৰতে হয়৷ কিন্তু এই সৰু খুঁত-খাতৰ পৰাই বিস্তাৰ লাভ কৰি প্ৰতিদিনেই সংসাৰত কাজিয়া-পেচাল লাগি থাকে, তেন্তে ঘৰুৱা অশান্তিৰ লগতে ইয়াৰ নেতিবাচক প্ৰভাৱ সন্তানত ওপৰত পৰিবলৈ ধৰে৷ মনত ৰাখিব যে সন্তানে ভাল-বেয়া সকলো কথাই প্ৰথমে ঘৰখনৰ পৰা শিকে৷ শিশুৰ মনটোৱে ঘৰৰ সকলো দিশে মনোযোগী হৈ থাকে৷ এনে অৱস্থাত মাক বাপেকৰ অনৱৰতে ঘৰুৱা কাজিয়া তথা অশান্তিকৰ পৰিৱেশে সিহঁতৰ মনত তৎক্ষণাৎ নেতিবাচক প্ৰভাৱ পেলায়৷ এই সময়ত সন্তানৰ মানসিক ক্ষতি কিমান হয়, তথা মাক-বাপেকে এই ক্ষেত্ৰত কি কৰা উচিত সেই সম্পৰ্কে বিশেষজ্ঞই কিছু পৰামৰ্শ আগবঢ়াইছে, যিয়ে শিশুৰ মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰে৷
যিকোনো শিশুৰ ক্ষেত্ৰতে তেওঁলোকৰ পিতৃ-মাতৃ অনুকৰণীয়৷ কিন্তু যেতিয়া তেওঁলোকৰ মাক-বাপেকে অনৱৰতে কাজিয়া কৰা বা অশান্তিৰ সৃষ্টি কৰা দেখে, তেতিয়া সন্তানে একধৰণৰ নিৰাপত্তাহীনতাত ভোগে৷ মাক-বাপেকৰ তৰ্কযুদ্ধ তথা কাজিয়া প্ৰলম্বিত হ’লে বহু সন্তানৰ মাজত হিংস্ৰতা, অপৰাধী আচৰণ প্ৰকাশ পায়৷ এইদৰে লগা কাজিয়াৰ ফলত মাক-বাপেকৰ মাজত মাতবোল বন্ধ হৈ গ’লে শিশুৰ মানসিক, আৱেগ-অনুভূতি, আচৰণ তথা সামাজিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়৷ মন কৰিব যে মাক-বাপেকৰ মাজত বুজাবুজিৰ অভাৱ, কাজিয়া-পেচাল আদিবোৰ সন্তানৰ চকুত সহজে ধৰা পৰে৷ এটা শিশুৱে ছমাহ বয়সৰ পাছতে এনেধৰণৰ পাৰিবাৰিক অশান্তি, অন্তঃকলহ আদি বুজিব পৰা হয়৷ যদিও তেওঁলোকে এই বয়সত কথাৰে প্ৰকাশ কৰিব নোৱাৰে৷আনহাতে মাক-বাপেকৰ মাজত লগা কাজিয়া, অশান্তিকৰ কাৰণে সন্তানৰ টোপনিত ব্যাঘাত জন্মে৷ এনে অৱস্থাত শিশুৰ মস্তিষ্কৰ প্ৰাথমিক বিকাশ এইদৰে ক্ষতিগ্ৰস্ত হয়৷ যাৰ ফলত কম বয়সতে সন্তানৰ উদ্বেগ-উদ্বিগ্নতা হ’ব পাৰে৷ অকল এয়েই নহয়, তেনে শিশুৰ স্কুলত আচাৰ-আচৰণৰ ক্ষেত্ৰত সমস্যা হ’ব পাৰে৷ শিশুই বিষণ্ণতাত ভুগিব পাৰে৷ যাৰ বাবে পঢ়া-শুনাত ক্ষেত্ৰত অমনোযোগী হ’ব পাৰে৷ পাৰিবাৰিক অন্তকন্দল তথা অশান্তিৰ মাজত যিসকল শিশু ডাঙৰ হয়, তেওঁলোক ডাঙৰ হোৱাৰ পাছত মাদকদ্ৰব্যৰ প্ৰতি আকৃষ্ট, অবাধ্য হোৱাৰ প্ৰৱণতা, কাজিয়া-পেচাল কৰাৰ মানসিকতা আদিয়ে গঢ় ল’ব পাৰে৷ আনহাতে কন্যা সন্তানৰ ক্ষেত্ৰত মানসিক চাপ, ভিতৰি ভিতৰি চাপ অনুভৱ কৰা, অস্থিৰতা তথা সংসাৰৰ ভয়, ডিপ্ৰেছন আদিৰ দৰে সমস্যাত ভোগে৷ পাৰিবাৰিক দাম্পত্য কন্দলত আক্ৰান্ত শিশুৱে নিজৰ ক্ষতি কৰাৰ মানসিকতা গঢ় লয়, মনত আত্মহত্যাৰ প্ৰৱণতা বাঢ়ে৷ সেয়ে সন্তানৰ আগত মাক-বাপেকে যিমানেই সমস্যা নহওক কিয় কোনোধৰণৰ কাজিয়া-পেচাল কৰা উচিত নহয়৷ ঘৰুৱা কন্দলৰ ফলত সন্তানৰ ওপৰত যি প্ৰভাৱ পৰে, সেই সম্পৰ্কে মাক-বাপেকে সজাগ তথা সচেতন হোৱা ভাল৷ কিবা কথাত ভুল বুজাবুজি হ’লেও মগজু শান্ত কৰি ইয়াৰ উপায় উলিওৱাৰ চেষ্টা কৰিব লাগে৷ মন ৰাখিব সন্তানৰ সন্মুখত কেতিয়াও কাজিয়া-পেচাল, অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব৷ নহ’লে ভৱিষ্যতলৈ আপুনি সুখী হ’ব নোৱাৰিব¸৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here