দুৰ্দান্ত উপকাৰৰ বাবে খালী পেটত খাওক এফোটা নহৰু

0
367

আমিষ খাদ্যৰ বাবে এবিধ অন্যতম লাগতিয়াল উপাদান হ’ল নহৰু৷ ৰন্ধন প্ৰকৰণত নহৰুৰ ব্যৱহাৰ তথা ব্যঞ্জনত নহৰু দিলে খাদ্যখনৰ সোৱাদেই সুকীয়া হয়৷ অকল য়ে খাদ্যৰ সোৱাদ বঢ়াবলৈকে নহৰু ব্যৱহাৰ কৰা হয় তেনে নহয়৷ নহৰু আছে অনবদ্য অৱদান৷ নহৰুৰ গুণাগুণ সম্পৰ্কে জনাৰ পাছত আপুনিও হয়তো নিয়মিতভাৱে নহৰু খাবলৈ অভ্যাস কৰিব৷ কিয়নো নহৰুৰ এনে কিছুমান খাদ্যগুণ তথা বৈশিষ্ট্য আছে, যিবোৰ আন খাদ্যত বিচাৰি নাপায়৷ নহৰুত এণ্টি ফাংগাল, এণ্টি বেক্টেৰিয়েল, এণ্টিঅক্সিডেণ্ট, ফচফৰাছ, আইৰন, কাৰ্বহাইড্ৰেট, পটাচিয়াম, কপাৰ, জিংক, থায়ামিন তথা ৰাইবোফ্লাইবিন আদি উপাদানবোৰ পোৱা যায়৷ ইমান বৃহৎ পৰিমাণৰ পুষ্টিগুণেৰে সমৃদ্ধ নহৰু যদি আপুনি পুৱা খালী পেটত এফোটাকৈ খোৱাৰ অভ্যাস কৰে, তেন্তে যথেষ্ট শাৰীৰিক লাভালাভ পাব পাৰে৷ নহৰু খালে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ প্ৰতিদিনে এফোটা নহৰু খালে ঠাণ্ডা, কাহ, চৰ্দি, জ্বৰ অথবা অন্যান্য সংক্ৰমণ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ নহৰুত থকা এণ্টিঅক্সিডেণ্টে আপোনাৰ ইমিউনিটি ছিষ্টেম উন্নত কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷
প্ৰতিদিনে পুৱা খালী পেটত নহৰু খোৱাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ নহৰুৰ নিৰ্যাসে ৰক্তচাপ কমাই ৰখাত সহায় কৰে৷ ইয়াৰ উপৰি মানসিক চাপ কমাই ৰাখি কাৰ্ডিঅ’ভাস্কুলাৰজনিত সমস্যা কমাই ৰখাত নহৰুৱে সহায় কৰে৷
শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা সঠিককৈ ৰখাত প্ৰতিদিনে খালী পেটত নহৰু খোৱাৰ ফলত সহায় কৰে৷ কিয়নো কলেষ্টৰেলৰ মাত্ৰা সঠিকভাৱে থাকিলে হৃদৰোগৰ সমস্যাৰ পৰা ৰক্ষা পোৱা যায়৷
দৈনিক পুৱা খালী পেটত নহৰু খোৱাৰ ফলত হজম ক্ষমতা উন্নত হয়৷ লিভাৰ তথা মূত্ৰাশয়ৰ কাৰ্যকাৰিতা বৃদ্ধি পায় পুৱা নহৰু খোৱাৰ ফলত৷
নহৰুত থকা ছালফাৰে আপোনাৰ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত টক্সিন দূৰ কৰাত সহায় কৰে৷ যাৰ ফলত শৰীৰৰ সুস্থ কৰি ৰখাত সহায়ক হয়৷
আপুনি যদি ডায়েবেটিছত ভুগি আছে, তেন্তে পুৱাই খালী পেটত এফোটাকৈ নহৰু খোৱাৰ অভ্যাস কৰক৷ এইদৰে নহৰু খোৱাৰ ফলত নহৰুত থকা এলিছিন নামৰ যৌগবিধে আপোনাৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব৷
শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাত খালী পেটত নহৰু খালে দুৰ্দান্ত ফল পোৱা যায়৷ কেঁচা নহৰু খালে মেটাবলিজম সঠিকভাৱে থাকে আৰু শৰীৰৰ অতিৰিক্ত মেদ কমোৱাত সহায় কৰে৷ যাৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷
কেঁচা নহৰু খোৱাৰ ফলত মুখত পৰা বয়সৰ চাপ নোহোৱা হয়৷ ছালৰ উজ্জ্বলতাৰ বাবে প্ৰতিদিনে পুৱা খালী পেটত এফোটা নহৰু খোৱাৰ অভ্যাস কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here