আপুনি বাৰু চন্দ্ৰৰ বয়স সম্পৰ্কত অৱগত নেকি ? নহ’লে আপোনাৰো জানিবলৈ মন যায় চন্দ্ৰৰ বয়স কিমান ? বিজ্ঞানীয়ে সম্প্ৰতি চন্দ্ৰক লৈ এটা নতুন তথ্য উদ্ধাৰ কৰিছে৷ যি জানিলে হয়তো আপুনিও অবাক হৈ পৰিব৷ উল্লেখ্য যে ১৯৭২ চনত মহাকাশচাৰী হেৰিছন স্মিট তথা ইউজিন ছাৰনানে চন্দ্ৰত অৱতৰণ কৰিছিল আৰু তাৰ পৰা কোনেও পাছত কোনেও চন্দ্ৰত অৱতৰণ কৰা নাই৷ এই অৱতৰণ কৰা অঞ্চলটো আছিল টাইৰাছ লিট্ৰ’ উপত্যকা৷ এই উপত্যকাটো Mare serenitatis-ৰ প্ৰান্তত অৱস্থিত৷ এইটো এটা ভূতাত্ত্বিক বৈচিত্ৰ্যময় অৱস্থান হিচাপে বিবেচিত হৈছে৷ মহাকাশচাৰীয়ে ইয়াৰ পৰা ১১০.৫ কেজি চন্দ্ৰ শিলা সংগ্ৰহ কৰিছিল৷ তেওঁলোকে তাৰ পৰা অকল শিলাই নহয়, মুঠ ৭৪১টা মাটিৰ নমুনাও সংগ্ৰহ কৰিছিল৷ ইয়াৰ ভিতৰত হাইলেণ্ড ক্ৰাষ্টাল শিলা, বেছল্ট তথা ব্ৰেছিয়া শিলাও চন্দ্ৰপৃষ্ঠৰ পৰা সংগ্ৰহ কৰিছিল৷ এই নমুনাবোৰ ওপৰত বিভিন্ন পৰীক্ষা কৰাৰ পাছত নতুন গৱেষণা অনুসাৰে চন্দ্ৰৰ বয়স হিচাপে পাইছে প্ৰায় ৪০ মিলিয়ন বছৰ৷ এইবোৰ প্ৰায় ৪.৪৬ বিলিয়ন বছৰৰ আগতে প্ৰণয়ন কৰা হৈছিল বুলি কোৱা হৈছে৷ সৌৰজগতৰ সৃষ্টিৰ প্ৰথম ১১০ মিলিয়ন বছৰৰ সময়ৰ মাজত গঠিত হৈছিল৷ চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পুংখানুপুংখ অধ্যয়ন কৰি এই তথ্যবোৰ জনা গৈছে৷ উল্লেখ্য যে ২০২৩ চনত চন্দ্ৰৰ বয়স সম্পৰ্কিত অনুসন্ধানবোৰ জিঅ’কেমিকেলৰ দৃষ্টিকোণৰ পত্ৰবোৰত প্ৰকাশিত হৈছিল৷ এই ফলাফলবোৰ আচলতে এটম প্ৰ’ৰ টমোগ্ৰাফি নামৰ পৰিচিত এটা প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল৷ চন্দ্ৰৰ নমুনা ৭২২৫৫ৰ পৰা ক্ৰিষ্টালবোৰ বিজ্ঞানীৰ দ্বাৰা পুনঃবিশ্লেষণৰ পাছত অনুমান কৰা এটা উপসংহাৰ৷ নমুনাটো জিৰকন আছিল, যি প্ৰায় ৪.২ বিলিয়ন বছৰ পুৰণি৷ এইটো আছিল আৱিষ্কৃত প্ৰাচীনতম জিৰকনবোৰৰ মাজৰে এটা৷ জিৰকন পৃথিৱীত বিদ্যমান প্ৰাচীনতম খনিজ৷ তদুপৰি ভূতাত্ত্বিকৰ মতে খনিজটো পৃথিৱী তথা ইয়াৰ জীৱন গঠন সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্য আছে৷