এইবোৰ খাদ্য ডায়েবেটিছত ৰামবাণ

0
120

ডায়েবেটিছ বৰ্তমান ঘৰে ঘৰে, অৰ্থাৎ এনেকুৱা এখন ঘৰ নাই, যি ঘৰত ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা নোলাব৷ বৰ্তমান সময়ত ডায়েবেটিছে ভয়াৱহ ৰূপ পৰিগ্ৰহ কৰিছে৷ আনহাতে বেছিভাগ ক্ষেত্ৰতে লক্ষ্য কৰা যায় যে পিতৃ-মাতৃ ডায়েবেটিছত ভুগিলে সন্তানৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে৷ য’ত বংশানুক্ৰমিকভাৱে এই ৰোগৰ চিকাৰ হোৱা বুলি কোৱা হয়৷ মূলতঃ ডায়েবেটিছৰ আক্ৰমণ জোৰদাৰ হয় যেতিয়া আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন, লাইফষ্টাইল, শৰীৰচৰ্চাৰ অভাৱ, আৰামপ্ৰিয় জীৱন আদিৰ প্ৰভাৱ শৰীৰত পৰে৷ অতিৰিক্ত পৰিমাণৰ চৰ্বি বা মেদ জমা হোৱা হ’ল ডায়েবেটিছৰ বাবে সকলোতকৈ দায়ী৷ সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ৰীতিগতভাৱে কিছুমান খাদ্য নিয়মিতভাৱে খোৱা অতি প্ৰয়োজন৷ নিয়মিতভাৱে খোৱাৰ অভ্যাস কৰিলে এইবোৰ খাদ্যই ডায়েবেটিছৰ পৰা বচাব পাৰে৷
আমলখিত অত্যধিক পৰিমাণে ক্ৰমিয়াম থাকে৷ ইয়াত একধৰণৰ খনিজ বা মিনাৰেল, কাৰ্বহাইড্ৰেট থাকে৷ এইবিধ ফলে শৰীৰত ইনছুলিন তৈয়াৰ কৰিব পাৰে৷ যাৰ ফলত ব্লাড ছুগাৰ নিয়ন্ত্ৰিত হৈ থাকে৷
নিমে গ্লুকজ ট্ৰান্সপোটাৰ ৪, অপলেগুলেশ্যন, গ্লুকচিডেছৰ দৰে বিভিন্ন এনজাইম বা উৎসেচকৰ মাধ্যমেৰে গ্লুকজ কম পৰিমাণে গ্ৰহণ কৰে৷ সেয়ে ডায়েবেটিছত নিমৰ ৰস বা পাত শৰীৰৰ কাৰণে ভাল৷
ডালচেনি ছুগাৰৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ৷ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ কমাই ইনছুলিনৰ পৰিমাণ বঢ়াই দিয়ে ডালচেনিয়ে৷
খাবলৈ অত্যন্ত তিতা হ’লেও কেৰেলাই ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ শৰীৰৰ সমস্ত শৰ্কৰা শুহি লোৱাত তথা ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা অতি উত্তম খাদ্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here